শ্ৰমিক দিৱসৰ দিনাই অঘটনঃ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে চাহ শ্ৰমিকে

শ্ৰমিক দিৱসৰ দিনাই অঘটন। বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে চাহ শ্ৰমিকে। শ্ৰমিক দিৱসৰ দিনাই কলিয়াবৰত নিহত হৈছে এগৰাকী চাহ শ্ৰমিক। বুঢ়াপাহাৰ চাহ বাগিচাৰ চাহ শ্ৰমিকজন দিনৰ প্ৰায় ১২ বজাত বাগিচাৰ নলাত মাছ ধৰিবলৈ যাওঁতেই পাহাৰৰ পৰা নামি অহা হাতীয়ে আক্ৰমণ কৰে। ফলত থিতাতে নিহত হয় যুৱকজন। নিহত শ্ৰমিকজন বুঢ়াপাহাৰ চাহ বাগিচাৰ নৰেন গোৱালা।


ঘটনাস্থলীত বন বিভাগৰ লগতে জখলাবন্ধা থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

Related Articles