Breaking

সকলোতে সাম্প্ৰদায়িক দৃষ্টিভংগী কিয় ?

0 63
  • জিতু দাস

কথাবোৰ ভাবিয়ে আজিকালি সময় কটাও । বাক স্বাধীনতাক মূখত তলা লগাই থৈছোঁ ।নহ’লে কথাবোৰ ওলাই আহে সমাজৰ চকুত দেশদ্ৰোহী-বাম বাদী আখ্যা পাওঁ । সেয়ে কিছুমান অৰ্থৰ মূল বুজি নোপোৱা উগ্ৰবাদী সকলৰ পৰা এৰাই চলিছো ।কিয়নো তেওঁ লোকৰ পণ্ডিতগিৰি বোৰ সহ্য নহয় ।ইমান জ্ঞানী গুণী হল চকুৰ আগতে, ভাবিয়ে নাপাওঁ । হয়তো কিছুমান অনুষ্ঠানত তেওঁ লোকক পণ্ডিত হোৱাৰ প্ৰশিক্ষণ দিছে ।ক’বলৈ গলে বৰ্তমানৰ সমাজ ব্যবস্থাপনা আৰু ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত অধিক জ্ঞান হোৱা যেন লাগিল । জ্ঞান মানে আকৌ আচৰিত ধৰণৰ জ্ঞান যিবোৰ কথা শুনিলে আপোনাৰ মোৰ চকু কপালত উঠিব।এইবাৰ আহিছোঁ সমাজৰ প্ৰতি কোনো অৰিহণা নথকা কিছুমান ব্যক্তিৰ কথালৈ ।ফেচবুকত লাইভ আহি বুদ্ধিজীৱীৰ পৰিচয় দিয়া একাংশ উগ্ৰবাদীৰ কথালৈ ।তেওঁ লোকৰ মতে সাম্প্ৰদায়িক  সংঘৰ্ষ হব লাগে ।যিকোনো বিষয় অনবৰতে সাম্প্ৰদায়িকতা ৰূপ দি ভাল পাই তেওঁ লোকে ।নেদেখে একে বৰ্ণৰ মানুহক একে বৰ্ণই কৰা লুন্ঠন,শোষণ আৰু ধৰ্ষণ ।সিহঁতৰ চকু কেৱল  আন ধৰ্মাৱলম্বী লোকৰ ওপৰতে ।যদি  মোৰ মাতৃক কোনোবাই ডাইনী সন্দেহত হত্যা কৰে তেতিয়া সেইসকল নিমাতী কন্যা । ফেচবুকত লাইভ আহি পৰ্যালোচনা নকৰে লাইভ নাহে আৰু বিষয় বোৰ শ্বেয়াৰ নকৰে । কিয়নো তেওঁ লোক একে বৰ্ণৰ একেই ধৰ্মৰ ।তেতিয়া ধৰ্মৰ সুৰক্ষাৰ কথা ও নাহে ।কিন্তু আন ধৰ্মাৱলম্বী লোকেই কৰিলে ফেচবুকত সাম্প্ৰদায়িকতা ভৰি পৰে আৰু সমগ্ৰ যুৱ সমাজক উচটনি দি উগ্ৰ কৰি তুলি তোলপাৰ লগাই ।চোচিয়েল মেডিয়াৰ মজিয়া । ধিক তোমালোকৰ অন্ধ মানসিকতা ।এইবাৰ আহিছোঁ সনাতন ডেকাৰ হত্যা কাণ্ড লৈ ।সাধাৰণ শাক পাচলি বেপাৰীজনক উগ্ৰবাদী কেইজন মান যুবকে সাধাৰণ কথাত হত্যা কৰিলে । আমি বিচাৰোঁ এই হত্যাকাৰী কেইজন উচিত শাস্তি পাওক আৰু ঘৰখনে ন্যায় পাঁওক ।আগৰ পৰাই এইখন দেশত সাধাৰণ মানুহৰ তেনেই নিৰপত্তাক  লৈ সন্দেহ হয় ।সাধাৰণ লোকক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি অহা বনিক সকলে নুবুজে মৌলিক প্ৰয়োজন, আশা আকাংক্ষা আৰু হতাশাগ্ৰস্ত মনোভাৱৰ তিক্ত বেদনা ।কেৱল মডাৰৰ ফুলৰ দৰে প্ৰকৃতিখনত থাকিব লাগে তেনেকৈয়ে আছে জীয়াই দুমুঠিৰ বাবে  সংগ্ৰাম কৰি ।আজি ঘটনাটোৰ বাবে এটা প্ৰশ্ন হে উথ্থাপিত হব লাগিছিল যে সাধাৰণ লোকৰ ওপৰত আৰু কিমান দিন চলিব এনে নিৰ্বিকাৰ অত্যাচাৰ অন্যায় আৰু প্ৰশাসনৰ নীৰৱতা ।তাকেই নকৰি এচাম দলীয়  সংগঠনে ইয়াক সাম্প্ৰদায়িকতা হে ৰং সানিব ধৰিলে ।ধৰ্মৰ প্ৰতি ইমান শ্ৰদ্ধা থকা হে ধৰ্ম ৰক্ষক সকল, যেতিয়া কোনোবা দৰিদ্ৰ ভণীক মহাজনৰ ল’ৰাই ধৰ্ষণ কৰি অন্তা  সত্বা কৰি হত্যা কৰে তেতিয়া তোমাৰ ধৰ্ম কত হেৰাই ; কোম্পানীত ১২ ঘণ্টা শ্ৰম কৰি উচিত মজুৰি নাপাই আত্মহত্যা কৰে তেতিয়া আপোনাৰ ধৰ্ম কত হেৰাই ; আপোনালোকেই আমাৰ এই সুন্দৰ সমাজখনক দ্বিখণ্ডিত কৰাত প্ৰধান ভূমিকা গ্ৰহণ  কৰা নাইনে ; অনাগত প্ৰজন্মক মানুহ হ’বলৈ শিকোৱাৰ পৰিবৰ্ত্তে সাম্প্ৰদায়িকতাৰ পাঠ পঢ়াই হিংস্ৰ কৰিব খুজিছে নেকি ; ৬০বছৰীয়া বৃদ্ধা আইতাক ডাইনী সজাই যেতিয়া প্ৰহাৰ কৰে তেতিয়া আপোনালোক ফেচবুকত লাইভ আহিবলৈ সময় কিয় নহয় ; ধিক !সনাতন ডেকাৰ দৰে আমাৰ বহুত সাধাৰণ লোকক হত্যা কৰা হল তেতিয়া আপোনাৰ ধৰ্ম বাহিনী বোৰ   কত হেৰাই থাকিল ; পিতৃ মাতৃক অকলশৰে এৰি পলায়ণ কৰা সেই কাপুৰুষ সকলক এক শিকা দিবলৈ আপোনাৰ আহৰি কিয় নহয় ; কিয় কটাব লগা হয় ভগবান স্বৰূপ পিতৃ মাতৃ বৃদ্ধাশ্ৰমৰ এন্ধাৰ কোঠাত ; সনাতন ডেকাৰ ঘটনাৰ দৰে একেই ঘটনা সংঘটিত হোৱা পৰাগজ্যোতি নেওগৰ ক্ষেত্ৰত নিমাত কিয় l তেওঁক একেই বৰ্ণৰ লোকেই হত্যা বাবেই নিমাত নেকি ; আমি বিচাৰোঁ ঘটনাবোৰৰ উচিত তদন্ত হৈ দোষীয়ে উচিত শাস্তি পাওঁক ।
সকলোবোৰ বিষয় সাম্প্ৰদায়িকতা ম্লান হওঁক । কোনো কাৰণতে যাতে দোষীয়ে সাৰি যাব নোৱাৰে তাৰবাবে সঠিক প্ৰতিবাদ আৰু  জনমত হওঁক । সাধাৰণ লোকৰ জীৱন নিৰাপত্তা সুনিশ্চিত হওঁক । আইনী প্ৰক্ৰিয়াৰ মেৰফেকত ধুলি দি যে যাতে এই সকল আঢ্যৱন্ত লোক সাৰি যাব নোৱাৰে তাৰবাবে প্ৰশাসনক বাধ্য কৰাওক ।।কিন্তু এইবোৰৰ ওলোটা কৰিলে আমাৰ দৰে প্ৰজন্মই কেতিয়া ও মানুহ হৈ মানুহৰ বাবে কাম কৰিব নোৱাৰিম ।

লেখকৰ ফোন নং- 8723098756 

Leave A Reply