Breaking

সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা ২০২৩ৰ সফল সামৰণী

0 51

“ভূপেনদাৰ স্মৃতি জীয়াই ৰখাটো কলিয়াবৰবাসীৰ এক দায়িত্ব। ভূপেনদাৰ স্মৃতিত প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্পৰ কাম অচিৰেই আৰম্ভ কৰিব পৰা যাব।” – মন্ত্ৰী কেশৱ মহন্ত । সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা ২০২৩ৰ সফল সামৰণী । ভূপেনদাই নিজহাতে অৰ্পণ কৰা বঁটা লাভ কৰে কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁয়ে । কলিয়াবৰৰ অন্যতম সাহিত্য সাংস্কৃতিক ক্ৰীড়া অনুষ্ঠান ‘মঞ্চ’ৰ সৌজন্যত কালি দিনজোৰাকৈ হাটবৰত অনুষ্ঠিত হোৱা সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতাৰ যোৱা নিশা সফল সামৰণী পৰে। প্ৰতিযোগিতাথলীত উপস্থিত থাকি বঁটা প্ৰদান কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। বঁটা প্ৰদান অনুষ্ঠানত ভূপেনদাৰ কুঠৰীৰ ‘আপোন ঘৰ’ত এক সাংস্কৃতিক প্ৰকল্পৰ ৰূপ দিয়াৰ কলিয়াবৰীয়া যি হেঁপাহ সেই হেঁপাহক বাস্তৱ ৰূপ দিবলৈ প্ৰচেষ্টা অব্যাহত আছে বুলি মন্ত্ৰী গৰাকীয়ে কয়। ভূপেনদাৰ স্মৃতি জীয়াই ৰখাটো কলিয়াবৰবাসীৰ এক দায়িত্ব। ভূপেনদাৰ কুঠৰীৰ বাসগৃহসহ চৌহদটো বিক্ৰী হোৱাৰ পাছত আইনী জটিলতাৰ আহি পৰিলেও নতুন গৰাকীয়ে ভূপেনদাৰ বাসগৃহটো ৰাইজৰ স্বাৰ্থত এৰি দিছিল। এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ হস্তক্ষেপত অনতিপলমে এই জটিলতা দূৰ হ’ব বুলি আশাপ্ৰকাশ কৰে। এই প্ৰকল্পটোৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী-বিদেশী পৰ্যটকৰ জৰিয়তে ভূপেনদাৰ গৰিমাময় জীৱনৰ লগতে ঐশ্বৰ্যশালী অসমীয়া সংস্কৃতি বিশ্বত বিয়পি পৰিব বুলি মন্তব্য আগবঢ়াই। অসমৰ ভূপেনদাকে ধৰি বৰেণ্য ব্যক্তিসকলৰ জীৱন চৰ্যাৰ জৰিয়তে অসমীয়াই নিজকে সবল ৰূপত গঢ়ি তুলিবলৈ যুৱচামৰ প্ৰতি আহ্বান জনাই। লগতে ১৯৯২ চনৰ পৰা ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা ‘মঞ্চ’লৈ পাঁচ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। বঁটা প্ৰদান অনুষ্ঠানত কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উপৰিও বিশিষ্ট সমাজকৰ্মী তথা বিজেপি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাও উপস্থিত থাকি বঁটা প্ৰদান কৰে। শৰ্মাই মঞ্চই সুদীৰ্ঘকাল এই প্ৰতিযোগিতাৰ জৰিয়তে যি এক সাংস্কৃতিক বিপ্লৱ অব্যাহত ৰাখিছে সেই বিপ্লৱৰ জৰিয়তে অসমৰ গৌৰৱময় সাংস্কৃতিক ক্ষেত্ৰখনক নিশ্চয়কৈ প্ৰভাৱিত কৰিব পাৰিছে। পল ৰৱছনৰ প্ৰসঙ্গৰে শৰ্মাই কয় – গীটাৰখন কেৱল এক সঙ্গীতৰ সঁজুলিয়েই নহয়, ই এক সামাজিক সঁজুলি, মই সমাজক পৰিৱৰ্তন কৰিব পাৰে। এই চিন্তাৰে ই আজিৰ প্ৰজন্মই সঙ্গীত চৰ্চা কৰিবলৈ শৰ্মাই আহ্বান জনাই। প্ৰতিযোগিতাৰ ঘোষিত ফলাফল সমূহ এনেধৰণৰ – সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ক শাখাৰ ১ম, ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে – কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁই, কাজিৰঙাৰ ভিটালী গগৈ আৰু গুৱাহাটীৰ পাণ্ডুৰ দেৱস্মিতা কাশ্যপ। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে – বিশ্বনাথ চাৰিআলিৰ কুৱলী বৰঠাকুৰ, শিৱসাগৰৰ ৰণ কোঁৱৰ আৰু কলিয়াবৰৰ সংগীতা বৰা। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ খ শাখাৰ ১ম, ২য় আৰু ৩য় স্থান লাভ কৰে ক্ৰমে – নগাঁৱৰ আয়ুশ্ৰী দাস, উত্তৰ লখিমপুৰৰ কৌশিকী হাজৰিকা আৰু নগাঁও চকলাঘাটৰ কৃষ্টিকণ্যা শইকীয়া। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে – ৰাজকুমাৰী ফাল্গুনী, কলিয়াবৰৰ হাতীবন্ধাৰ অক্ষা তিমচিনা আৰু নগাঁও চামগুৰিৰ উন্মনা হাজৰিকা। পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ ক শাখাৰ ফলাফল এনেধৰণৰ – ১ম, ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে – বিশ্বনাথ চাৰিআলিৰ কুঁৱলী বৰঠাকুৰ, বোকাখাতৰ ত্ৰিদিষ্ণা বৰা আৰু গুৱাহাটী পাণ্ডুৰ দেৱস্মিতা কাশ্যপ। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে – শ্ৰদ্ধা বৰগোহাঁই, কলিয়াবৰৰ অনিমেষ শইকীয়া আৰু আৰমিনা ভ’ই। পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ খ শাখাৰ ১ম, ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে শিৱসাগৰৰ ৰাজকুমাৰী ফাল্গুনী, কামপুৰৰ আৰ্য্যা বৰগোহাঁই আৰু বৰাগাঁও গুৱাহাটীৰ প্ৰিয়াঞ্চী বৰ্মনে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে আয়ুশ্ৰী দাস, গোৱালপাৰাৰ তানিষ্ঠা গৌতম আৰু জখলাবন্ধাৰ ৰিজা মিৰ্দ্ধা। বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্ট তবলা বাদক সূৰ্য গোস্বামী, বিশিষ্ট সংগীত শিল্পী তথা সাংবাদিক গৌতম শৰ্মা আৰু কন্ঠ শিল্পী বিবলি ভাগৱতীয়ে। বিপুল হাজৰিকা আৰু প্ৰিয়ংকা শৰ্মাই আঁত ধৰি অনুষ্ঠানটিত অসমৰ বহু ঠাইৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। পুৱা স্থানীয় শিল্পী সকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনি উদ্বোধন কৰে মহকুমাৰ নিৰ্বাচনী বিষয়া ড০ ভূপালী কাশ্যপে।
অনুষ্ঠানত নটৰাজম কলাকেন্দৰ কণ-কণ শিশু সকলে নৃত্য পৰিবেশন কৰি শ্ৰোতাক বাৰুকৈয়ে মুগ্ধ কৰে।

Leave A Reply