Breaking

সদৌ অসম ভূমিজ সমাজৰ কেন্দ্রীয় অধিৱেশন সম্পন্ন।

0 140

সদৌ অসম ভূমিজ সমাজৰ কেন্দ্রীয় অধিৱেশন চাংচোৱা চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়। বীৰাংগনা শ্বহীদ দুৰ্গী ভূমিজ সমন্বয় ক্ষেত্রত মূল পতাকাৰ লগতে অংশগ্রহণকাৰী ১৩ খন জিলাৰ পতাকা উত্তোলনৰ পাছতে স্মৃতি তৰ্পণ কৰা হয়। গছপুলি ৰোপণৰ পাছতে চাহ জনগোষ্ঠীয় গীতৰ প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিনিধি নাম পঞ্জীয়নৰ পাছতে পৰিচয় বিনিময় হয়। নিশালৈ অনুষ্ঠিত প্ৰতিনিধি সভাত সাপেখাঁতীৰ শালকাঠনিৰ ৰাম নাথ ভূমিজক সভাপতি, বিশ্বনাথৰ ৰূপ চিং ভূমিজক সম্পাদক হিচাপে লৈ কেন্দ্রীয় সমিতিখন গঠন কৰা হয়। দ্বিতীয় দিনা পুৱা সাংস্কৃতিক শোভাযাত্রাই এলেকাটো পৰিভ্ৰমণ কৰে। বিয়লি কমল ভূমিজৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আঁতধৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি হৰেণ ভূমিজে। ৰাম নাথ ভূমিজে ২০০৯ চনৰ ১৫ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা সদৌ অসম ভূমিজ সমাজৰ জৰিয়তে বৰ্তমানলৈকে কৰা কাম-কাজৰ খতিয়ানসহ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। সভাত প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজ, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেবব্রত শৰ্মা, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সমাজকৰ্মী সঞ্জয়কৃষ্ণ তাঁতী, অসম চাহ জনগোষ্ঠী মহাসভাৰ সাধাৰণ সম্পাদক অৰুণ কাঁৱাৰ প্ৰমুখ্যে ভালেকেইগৰাকীয়ে বক্তব্য আগবঢ়ায়। পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া প্ৰমুখ্যে সাংবাদিক দিগন্ত দাস আৰু ৰাজ্যখনৰ বহুকেইটা সংগঠনৰ বিষয়ববীয়া, ভূমিজ সমাজৰ কেন্দ্রীয়, জিলা, আঞ্চলিক, শাখা সমাজৰ ভালেসংখ্যক প্ৰাক্তন বিষয়ববীয়া, চাহবাগিচাখনৰ কৰ্মচাৰী, স্থানীয় লোক উপস্থিত থকা জনাকীর্ণ সভাখনত ঝাৰখণ্ডৰ পৰা অহা ভালেকেইগৰাকী ব্যক্তিৰ লগতে সমাজৰ প্ৰাক্তন বিষয়ববীয়াক সম্বৰ্ধনা জনায়। নিশালৈ অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত অংশগ্রহণকাৰী জিলাসমূহৰ লগতে আমন্ত্রিত শিল্পীয়ে গীত পৰিবেশন কৰে। অধিবেশন উপলক্ষে আয়োজিত প্ৰদৰ্শনীত চাহ জনগোষ্ঠীৰ পৌৰাণিক সাংস্কৃতিক সমলসমূহ তিতাবৰৰ শিৰীষে প্ৰদৰ্শন কৰে। ভূমিজ সমাজৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক উত্তৰণৰ বাবে ৰাজ্যিক ভিত্তিত ন্যাস গঠনৰ পৰিকল্পনা কৰিছে।

Leave A Reply