চৰাইদেউ জিলাৰ সাপেখাতী মহাবিদ্যালয়ত স্থাপন কৰা ডিজিটেল স্বাক্ষৰতা কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত অধ্যাপিকা তুলিকা চাংমাইয়ে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি সোণাৰী সমষ্টিৰ বিধায়ক ধৰমেশ্বৰ কোঁৱৰ-এ কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে।
উদ্বোধনী ভাষণত বিধায়কগৰাকীয়ে বৰ্তমানৰ ডিজিটেল যুগত তথ্য-প্ৰযুক্তিৰ জ্ঞানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল শিক্ষাৰ সুযোগ গ্ৰহণৰ আহ্বান জনায়। তেওঁ কয় যে ডিজিটেল স্বাক্ষৰতা সমাজৰ সকলো স্তৰৰ লোকৰ বাবে অত্যন্ত প্ৰয়োজনীয় আৰু এনে কেন্দ্ৰই শিক্ষাৰ মান উন্নয়নত বিশেষ ভূমিকা পালন কৰিব।
অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিজু মৰাণ, অধ্যাপক -অধ্যপিকা, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উপস্থিত সকলোৱে কেন্দ্ৰটোৰ সফলতা কামনা কৰি ইয়াৰ জৰিয়তে অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত নতুন দিগন্ত উন্মোচিত হ’ব বুলি আশা প্ৰকাশ কৰে।

