সোণম ৰঘুবংশীৰ জামিন খাৰিজ উচ্চতম ন্যায়ালয়ৰ। তিনি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণৰ নিৰ্দেশ। শ্বিলঙৰ এক নিম্ন আদালতে মেঘালয়ৰ বহুচৰ্চিত ‘হনিমুন’ কাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীক প্ৰথম জামিন প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত, ২০২৬ চনৰ ২৯ জুনত মেঘালয় উচ্চ ন্যায়ালয়েও এই জামিনৰ আদেশ বাহাল ৰাখিছিল।
মেঘালয় চৰকাৰে এই জামিনক প্ৰত্যাহ্বান জনাই ভাৰতৰ উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। আৰু আজি উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে সোনম ৰঘুবংশীৰ এই জামিন খাৰিজ কৰে আৰু তেওঁক ৩ সপ্তাহৰ ভিতৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।

