সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি ৰূপেন কুমাৰ চৌধুৰীৰ বিয়োগ, ডিমৰীয়া অঞ্চলজুৰি শোকৰ ছাঁ

সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত ৰূপেন কুমাৰ চৌধুৰীয়ে যোৱা কালি বিয়লি প্ৰায় ৫ বজাত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৫ বছৰ।
দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি চিকিৎসাধীন হৈ থকা ৰূপেন কুমাৰ চৌধুৰীৰ বিয়োগত সোণাপুৰ তথা সমগ্ৰ ডিমৰীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেখেতে পত্নী, পুত্ৰ, বোৱাৰী, দুজনী কন্যা আৰু তিনিজন নাতি-নাতিনীক এৰি থৈ যায়।


সাহিত্য, সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি অহা ৰূপেন কুমাৰ চৌধুৰী বিভিন্ন সামাজিক আৰু সাংস্কৃতিক সংগঠনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেখেতৰ আকস্মিক বিয়োগত শিল্পী সমাজ ডিমৰীয়া, ডিগাৰু আঞ্চলিক বহাগী বিদায় সমিতি, বৃহত্তৰ সোণাপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি, ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, সোণাপুৰ শতদল শাখা সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে।


নিশা তেখেতৰ নশ্বৰ দেহ সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয়ত অনাৰ পিছত ডিমৰীয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ সাহিত্যপ্ৰেমী, সমাজকৰ্মী, শুভাকাঙ্ক্ষী আৰু সাধাৰণ ৰাইজে উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শোকাকুল পৰিবেশত সকলোৱে প্ৰয়াত ৰূপেন কুমাৰ চৌধুৰীৰ সমাজ, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান সশ্ৰদ্ধভাৱে সোঁৱৰণ কৰে। ৰূপেন কুমাৰ চৌধুৰীৰ বিয়োগে সোণাপুৰ তথা ডিমৰীয়া অঞ্চলৰ সাহিত্য-সংস্কৃতি আৰু সামাজিক জীৱনত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে।

Related Articles