সোণাৰীৰ ভজো বগৰীগুৰিৰ আহোম যুগৰ ঐতিহাসিক দগা যুদ্ধ ক্ষেত্ৰ সংৰক্ষণৰ দাবী উত্থাপন বিধানসভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

সোণাৰীৰ ভজো বগৰীগুৰিৰ আহোম যুগৰ ঐতিহাসিক দগা যুদ্ধ ক্ষেত্ৰ সংৰক্ষণৰ দাবী বিধানসভাত উত্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত ৯৩ নং সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মাননীয় পৰ্যটন বিভাগৰ মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰি সোণাৰি সমষ্টিৰ অন্তৰ্গত ভজো বগৰীগুৰিস্থিত আহোম যুগৰ ঐতিহাসিক দগা যুদ্ধ ক্ষেত্ৰ (সেনা বাহিনীৰ যুদ্ধ প্ৰশিক্ষণস্থলী) সংৰক্ষণ, উন্নয়ন আৰু পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দাবীৰে এক গুৰুত্বপূৰ্ণ মৌখিক প্ৰশ্ন উত্থাপন কৰে।

বিধায়কগৰাকীয়ে প্ৰশ্নৰ জৰিয়তে ঐতিহাসিক স্থানটোৰ চৰকাৰী নথিভুক্ত তথ্য, সংৰক্ষণ আৰু উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বা গ্ৰহণ কৰিবলৈ লোৱা পদক্ষেপ, স্থানটোৰ মুঠ ভূমিৰ পৰিমাণ, লগতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত এই ঐতিহাসিক স্থানটোক অন্তৰ্ভুক্ত কৰাৰ কোনো পৰিকল্পনা আছে নেকি— সেই বিষয়ে সদনত সবিশেষ তথ্য বিচাৰে।

ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, আহোম সাম্ৰাজ্যৰ গৌৰৱময় ইতিহাসৰ স্মৃতি বহন কৰা ভজো বগৰীগুৰিৰ এই ঐতিহাসিক দগা যুদ্ধ ক্ষেত্ৰ কেৱল সোণাৰি সমষ্টিৰেই নহয়, সমগ্ৰ অসমৰ ঐতিহ্যৰ এক মূল্যৱান সম্পদ। সেয়েহে ইয়াৰ সংৰক্ষণ, বৈজ্ঞানিক উন্নয়ন আৰু পৰ্যটনস্থলী হিচাপে বিকাশ ঘটোৱাটো সময়ৰ দাবী।

তেওঁ লগতে মত প্ৰকাশ কৰে যে, এই ঐতিহাসিক স্থানটোৰ যথাযথ সংৰক্ষণ আৰু পৰ্যটনভিত্তিক উন্নয়নে ইতিহাস সংৰক্ষণৰ উপৰিও স্থানীয় অৰ্থনীতি শক্তিশালী কৰাৰ লগতে পৰ্যটনৰ নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰিব।

Related Articles