Breaking

সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হোৱা কলিয়াবৰৰ কমলা কুঁৱৰী স্মৃতি বিজড়িত ঐতিহাসিক পুখুৰী ভঁৰালী বৰুৱা পুখুৰী

0 34

কলিয়াবৰৰ কমলা কুঁৱৰী স্মৃতি বিজড়িত আহোম যুগৰ ঐতিহাসিক পুখুৰী ভঁৰালী বৰুৱা পুখুৰীটোৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ বাবে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিশেষ আঁচনি ৰূপায়ণ কৰি আহিছে। কিন্তু কিমান সফল হৈছে এই আঁচনিসমূহ? তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদিও প্ৰকৃত তথ্য লাভ কৰা নাই আৱেদনকাৰীয়ে।
কলিয়াবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে কমলা কুঁৱৰী স্মৃতি বিজড়িত আহোম যুগৰ ঐতিহাসিক পুখুৰী ভঁৰালী বৰুৱা পুখুৰী। ১৯৮৭ চনৰ পৰা ইখনৰ পাছত সিখন উন্নয়নমূলক আঁচনি ধন শৰাধ। কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ১৯৮৭ চনৰ পৰা জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে জানিবলৈ আবেদন কৰিছিল ৰাতুলেশ্বৰ গোস্বামী নামৰ ব্যক্তিজনে। যোৱা ৯ মে’ ২০২৩ তাৰিখে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত কৰা আবেদনৰ ভিত্তিত মহকুমাধিপতি কাৰ্যালয়ৰ লোক তথ্য বিষয়াৰ তথা কাৰ্যবাহী দণ্ডাধীশ তৃষ্ণা মিপূনে ১৬ মে’ তাৰিখে পত্ৰ নং কে এম এম (আৰু টি আই) ৪/২০২৩/৯৪৫৬ৰ যোগে কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়ালৈ ৰাতুলেশ্বৰ গোস্বামীক সমুদায় তথ্য জনাবলৈ জাননী জাৰী কৰিছিল। এই পত্ৰ লাভ কৰাৰ পিছত কলিয়াবৰ খণ্ড উন্নয়ন বিষয়া ঋতুপৰ্ণা বৰগোহাঁয়ে পত্ৰ নং কেডিবি/আৰ টি আই/৫/২০২০-২১ যোগে কলিয়াবৰ উন্নয়ন খণ্ডৰ গাণনিক মৃণাল কুমাৰ দত্ত, কনিষ্ঠ সহায়ক মুহিবুৰ ৰহমান আৰু পূৱ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ সচিবলৈ নিৰ্দেশনা জাৰি কৰে। এই নিৰ্দেশনাৰ ভিত্তিত ১ জুলাই, ২০২৩ তাৰিখে এখন উকা কাগজত আঞ্চলিক পঞ্চায়তৰ জ্যেষ্ঠ সহায়কৰ স্বাক্ষৰিত পত্ৰত পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তৰ দ্বাৰা ৰূপায়িত দুখন আঁচনিৰ অসম্পূৰ্ণ তথ্য প্ৰেৰণ কৰে। য’ত ভঁৰালী বৰুৱা পুখুৰীৰ উন্নয়নৰ নামত আৱণ্টিত পাঁচ লাখ টকাৰ ৪,৫৩,৪০০ টকা খৰচ হোৱা তথ্য উল্লেখ আছে। আনহাতে, গছপুলি ৰোপন আৰু চৌহদৰ বেৰা নিৰ্মাণৰ বাবে ১৬,৬৯,৪৪০ টকা বিপৰীতে খৰচৰ পৰিমাণ দেখুওৱা হৈছে ১৬,৩৫,১২০ টকা। পত্ৰখনত দুয়োখন আঁচনি সম্পূৰ্ণ হোৱা বুলি উল্লেখ আছে যদিও আঁচনিখনৰ আৰম্ভ হোৱাৰ তাৰিখ আৰু শেষ হোৱাৰ তাৰিখৰ কোনো উল্লেখ নাই। লগতে উল্লেখ নাই পৃথক শিতানৰ খৰচৰ হিচাপ। এই তথ্যত আৱেদনকাৰীয়ে সন্তুষ্ট নোহোৱাত সম্পূৰ্ণ তথ্য বিচাৰি পুনৰ মহকুমাধিপতিক ৩ আগষ্ট তাৰিখে পত্ৰযোগে আৱেদন জনাই। ৭ আগষ্টত কে এম এম/আৰু টি আই/০৪/২০১৪/পিটি-১/৯৭৯৩ নং পত্ৰ যোগে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ লোক তথ্য বিষয়াৰ তথা কাৰ্যবাহী দণ্ডাধীশে পুনৰ আবেদনকাৰী ৰাতুলেশ্বৰ গোস্বামীক সম্পূৰ্ণ তথ্য যোগান ধৰিবলৈ জাননী জাৰী কৰে। এই জাননীৰ উত্তৰত ২০১৭ চনৰ আগষ্ট মাহৰ বানৰ কৱলত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পুৰণি সকলো তথ্য বিনষ্ট হোৱাত ১৯৯২ চনৰ পৰা পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তে ৰূপায়ণ কৰা আঁচনিৰ তথ্য যোগান ধৰিব পৰা নাই যদিও পূৰ্বৰ দুয়োটা তথ্য ৰূপায়ণৰ বছৰ উল্লেখ কৰি আবেদনকাৰী প্ৰেৰণ কৰে। সেই মতে পাঁচ লাখ টকাৰ আঁচনিৰ সময় ২০০৮-২০০৯ চন বুলি দেখুওৱা হৈছে। আনহাতে, ১৬,৬৯,৪৪০ টকাৰ আঁচনিখনৰ সময় ২০২০-২০২১ দেখুওৱা হৈছে কিন্তু এই আঁচনিখনৰ বিতং তথ্য দিয়াৰ পৰা বিৰত থাকিল উন্নয়ন খণ্ডৰ জ্যেষ্ঠ সহায়কগৰাকী। লগতে পত্ৰখনত পূৱথৰীয়া জিলা পৰিষদৰ তথ্য মজুত নাই বুলি উল্লেখ কৰাৰ লগতে গাঁও পঞ্চায়তৰ আঁচনিৰ বিষয়ে পূৱ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ সচিবে প্ৰত্যক্ষভাৱে যোগান ধৰিব বুলিও উল্লেখ আছে। বিভাগীয় এনে অসহযোগিতাৰ বাবে ৰাতুলেশ্বৰ গোস্বামীয়ে এতিয়া ওপৰ মহলাৰ অভিযোগ দিয়াৰ গুণা-গঁঠা কৰিছে।

১৯৮৭ চনত অগপৰ প্ৰথম শাসনকালত দীৰ্ঘকালৰ বিৰতিৰ পাছত অসমত তিনিখলপীয়া পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। অসমৰ গাঁও অঞ্চলৰ উন্নতিৰ এক নতুন মাত্ৰাৰ সূচনা হ’ল। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ জৰিয়তে ৰাজ্যৰ গাঁও অঞ্চলসমূহত নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে গঞা ৰাইজে উন্নয়নৰ সপোন দেখিছিল। কিন্তু এই উন্নয়নৰ সপোন কিমান বাস্তৱায়িত হ’ল সেয়া নিশ্চয় প্ৰশ্নৰ বিষয়। সমগ্ৰ অসমতে পঞ্চায়তসমূহৰ আঁচনি ৰূপায়ণৰ সীমাহীন দুৰ্নীতিৰ অভিযোগ বাতৰিৰ শিৰোনামা সততে দখল কৰি থকা দেখা যায়। ৰাইজৰ এই সীমাহীন দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত বিশেষ ব্যৱস্থা লোৱা দেখা নাযায়। আঁচনি ৰূপায়ণত দুৰ্নীতি হৈছেনে নাই সেয়া জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ দ্বাৰস্থ হ’লেও সন্তোষজনক উত্তৰ পোৱা নাযায়। তথ্য জনা অধিকাৰ আইন ২০০৫ৰ জৰিয়তে কলিয়াবৰৰ এগৰাকী লোকে ৯ মে’ ২০২৩ তাৰিখৰ আবেদনৰ সুদোত্তৰ আজিলৈকে লাভ নকৰিলে।

বাস্তৱিকতে যোৱা দীঘলীয়া সময়ছোৱাত কলিয়াবৰৰ আহোম যুগৰ ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীটোৰ পঞ্চায়তৰ বাবে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে। এই পুখুৰীটোৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্দ্ধনৰ নামত লাখ-লাখ টকাৰ আঁচনি আৱণ্টিত হৈছে যদিও উন্নয়নৰ নামত পুখুৰীটোৰ কোনো পৰিৱৰ্তন চকুত নপৰিল।
শেহতীয়াকৈ পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তে ৰূপায়ণ কৰা ১৬,৬৯,৪৪০ টকাৰ আঁচনিখনৰ বাস্তৱ অৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। চৌহদৰ বেৰা (ফেঞ্চিঙৰ) তথৈবচ অৱস্থা, ৰোপন কৰা এটাও গছপুলি নাই। আনকি আঁচনি ৰূপায়নৰ তথ্য সমৃদ্ধ ফলকখনৰো অস্তিত্ব নাই। অথচ পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তটো বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি, আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী অগপ দলৰ প্ৰতিনিধি হোৱাৰ লগতে কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সদস্য।
লোকবিশ্বাস মতে, কমলা কুঁৱৰী আছিল এজন আহোম বিষয়া ভঁৰালী ভাণ্ডাৰবৰুৱাৰ সপ্তম তথা নুমলীয়া আদৰৰ কুঁৱৰী। এবাৰ ৰাজ্যত ভয়ানক খৰাং হোৱাৰ সময়ত সপোনত দেখা বিধানৰ পৰিণতি স্বৰূপে ভঁৰালী বৰুৱাই কমলা কুঁৱৰীক পানীৰ নামত উচৰ্গা কৰে৷ নিৰ্দিষ্ট দিনত এটা শুকান পুখুৰীত কুঁৱৰীক নমাই দিয়া হয় আৰু তেওঁ নমাৰ লগে লগে ক্ৰমশঃ পুখুৰীটো পানীৰে উপচি পৰে৷ কিন্তু প্ৰজা তথা ৰাজ্যৰ বাবে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰা কমলা কুঁৱৰীয়ে সেই পুখুৰীতেই সলিল সমাধি ঘটি কৰুণভাৱে মৃত্যু সাৱটি লৈছিল। অৱশ্যে এই পুখুৰীটো স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত খন্দা হৈছিল বুলিও এটা পক্ষই দাবী কৰে।
প্ৰবাদ অনুসৰি আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত ঠিক শৰাইঘাট ৰণৰ আগে-আগে ৰাজ্যত ভয়ানকভাৱে পানীৰ আকাল হৈছিল ৷ সেই সময়ত কলিয়াবৰত আহোম ৰাজ বিষয়া, ধৰ্মশীল পুৰুষ জয়ধ্বজ ভঁৰালী বৰুৱাই পানীৰ অভাৱ আৰু প্ৰজাৰ কষ্ট নিবাৰণৰ বাবে বহুলোকক লগাই পুখুৰী খন্দাইছিল৷ কিন্তু দিনে-ৰাতিয়ে খাটিও পুখুৰীৰ পানী উলিয়াব নোৱাৰিলে৷ স্বপ্নৰ আদেশ পাই ভঁৰালী বৰুৱাই মৰমৰ নুমলীয়া কমলা কুঁৱৰীক দান দিয়াত পানীৰে পুখুৰীটো উপচি পৰিল৷ অসমৰ বহুল প্ৰচলিত জনশ্ৰুতি আৰু সাধুকথাৰ আলমত সৃষ্টি হোৱা গীত সমূহৰ ভিতৰত কমলা কুঁৱৰীৰ গীত অন্যতম৷ কৰুণ ৰসৰ আৰু কাব্যিক সৌন্দৰ্যৰে ভৰা কমলা কুঁৱৰীৰ গীত উৎকৃষ্ট মালিতা।

Leave A Reply