জামুগুৰিহাটৰ দীপাটোলাত চুৰিকাণ্ড। দীপাটোলা ব্যৱসায়িক কেন্দ্ৰস্থলত থকা ওম হাৰ্ডৱেৰ নামৰ প্ৰতিষ্ঠানটোৰ গুদামৰ তলা ভাঙি নিশা চোৰে চুৰি কৰি নিয়ে ৭০ বেগৰো অধিক চিমেন্ট। পুৱাৰ ভাগত হাৰ্ডৱেৰ দোকানৰ স্বতাধিকাৰ সন্তোষ শৰ্মাই দোকান খুৰিবলৈ আহি চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে।
ইয়াৰ পাছতে দোকানৰ স্বতাধিকাৰ গৰাকীয়ে ঘটনা সন্দৰ্ভত ওচৰচুবুৰীয়াৰ লগতে জামুগুৰি আৰক্ষীক অৱগত কৰে। জামুগুৰিহাটৰ বিভিন্ন স্থানত এইদৰে নিতৌ চুৰিকাণ্ড সংঘটিত হোৱাত এতিয়া শংকিত আৰু চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।

