১০ অক্টোবৰত যন্তৰ মন্তৰত হ’ব বিশাল প্ৰতিবাদ।
প্ৰতিবাদী সমদলত ভাগ লবলৈ যুৱ প্ৰজন্মক অনুৰোধ অভিজিৎ দীপকেৰ।
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰে হ’ব প্ৰতিবাদী সমদল।
মুম্বাইৰ শিৱাজী পাৰ্কত হাজাৰ হাজাৰ লোকক আকৰ্ষণ কৰা ব্যাপক বিক্ষোভৰ নেতৃত্ব দিয়াৰ পাছত শুকুৰবাৰে নিশা ককৰোচ জনতা পাৰ্টিৰ নেতা অভিজিত দীপকে দিল্লীৰ যন্তৰ মন্তৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে নতুনকৈ প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰে।
‘জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে সমগ্ৰ ভাৰতৰ ক’কৰোচে দিল্লীলৈ যাত্ৰা কৰিব আৰু ১০ অক্টোবৰত যন্তৰ মন্তৰত প্ৰতিবাদ কৰিব।’
এয়া সম্পূৰ্ণ শান্তিপূৰ্ণ প্ৰতিবাদ হ’ব বুলিও কয় ককৰোচ জনতা পাৰ্টিৰ নেতা অভিজিত দীপকেৰ-

