বৈদেশিক সম্পৰ্কই হওক বা আন বিষয়েই হওক, সকলোতে কিবা নহয় কিবা নতুনত্বৰ চমক দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ আন এক অভিলেখ গঢ়িবলৈ ওলাইছে৷ ১০ জুনত প্ৰধানমন্ত্ৰী মোদী পৰিগণিত হ’ব দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে৷ ছটা দশকৰ মূৰত ভংগ হ’ব পূৰ্বৰ অভিলেখ আৰু মোদীয়ে সৃষ্টি কৰিব নতুন অভিলেখ৷ হয়, ভাৰতৰ শাসনত একেৰাহে আটাইতকৈ বেছি দিন থকাৰ ক্ষেত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুকো পিছ পেলাব নৰেন্দ্ৰ মোদীয়ে৷ অহা সপ্তাহত অৰ্থাৎ ১০ জুন তাৰিখে তেওঁ ভাৰতৰ ইতিহাসত একেৰাহে আটাইতকৈ দীঘলীয়া সময়ৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ’ব৷
দেশৰ ১৪০ কোটি জনসাধাৰণক উন্নয়নৰ অংশীদাৰ বনাই মোদীয়ে কেনেকৈ এই সফলতা অৰ্জন কৰিলে, তাক লৈ এতিয়া সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলি আছে৷ যোৱা ৬২ বছৰ ধৰি দেশৰ ইতিহাসত একেৰাহে আটাইতকৈ বেছি দিন নিৰ্বাচিত প্ৰধানমন্ত্ৰী থকাৰ অভিলেখ পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত আছিল৷ ১৯৫২ চনৰ ১৩ মে’ত দেশৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল৷ ১৯৬৪ চনৰ ২৭ মে’ত তেওঁৰ মৃত্যুৰ দিনলৈকে একেৰাহে ৪৩৯৮ দিন তেওঁ এই পদত আছিল৷
আনহাতে, ২০১৪ চনৰ চ্ছ মে’ত নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল৷ ইয়াৰ পিছত তেওঁ একেৰাহে তিনিখন লোকসভা নিৰ্বাচনত জয়লাভ কৰি নিজৰ শাসন কাল অব্যাহত ৰাখিছে৷ যোৱা বছৰ অৰ্থাৎ ২০২৫ চনৰ জুলাই মাহত তেওঁ ইন্দিৰা গান্ধীৰ একেৰাহে ৪০৭৭ দিন প্ৰধানমন্ত্ৰী থকাৰ অভিলেখ ভংগ কৰিছিল৷ অহা ১০ জুনত মোদীৰ কাৰ্যকালৰ ৪৩৯৯ দিন সম্পূৰ্ণ হ’ব৷ ইয়াৰ লগে লগে তেওঁ নেহৰুৰ অভিলেখ অতিক্ৰম কৰি ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত হ’ব৷ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত সাধাৰণ জনতাক লগত লৈ কাম কৰাৰ মন্ত্ৰ বাৰে বাৰে সন্মুখলৈ আহিছে৷ এই কাৰণেই তেওঁৰ দিনত স্বচ্ছ ভাৰত অভিযান, ডিজিটেল পেমেণ্ট, জল সংৰক্ষণ আৰু সমগ্ৰ দেশজুৰি টিকাকৰণ কাৰ্যসূচীৰ দৰে ডাঙৰ প্ৰকল্পসমূহ কেৱল চৰকাৰী সীমাৰ মাজতে আবদ্ধ হৈ থকা নাই৷

