২৪ জুনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

গৰমে দহিছে সমগ্ৰ ৰাজ্যক৷ গৰমৰ পৰা ৰক্ষা পৰিবলৈ অসমত এতিয়া বৰষুণৰ প্ৰয়োজন৷ অহা ২৪ জুনলৈ অসম, উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিভাগে৷ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰদান কৰা বতৰৰ আগলি বতৰাই বৰষুণ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে৷ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে ৰাজধানী দিল্লীৰ লগতে দেশৰ বিভিন্ন চহৰত মানুহক চৰম অশান্তিত ভোগাইছে৷ কিন্তু বৰষুণে যেন সেই অশান্তি কিছু দূৰ কৰিব৷ দিল্লীত পুনৰ দেখা গৈছে উষ্ণ আৰু আদ্ৰৰ্ বতৰ৷ সৰ্বোচ্ছ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছৰ ওচৰত থকাৰ সম্ভাৱনা আছে৷ আনহাতে, সৰ্বনিম্ন তাপমাত্ৰা ৩০ ডিগ্ৰী চেলছিয়াছৰ ওচৰত থাকিব বুলি কোৱা হৈছে৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগে পূৰ্বানুমান কৰিছে যে দুপৰীয়াৰ ভাগত সামান্য বৰষুণ বা বজ্ৰপাতৰ সম্ভাৱনা আছে৷ প্ৰাৰম্ভিক পৰ্যায়ত অস্বাভাৱিক বৰ্ষাৰ সৃষ্টি হোৱাৰ পিছত মৌচুমী জলবায়ু সাময়িকভাৱে স্থবিৰতাৰ পৰ্যায়ত প্ৰৱেশ কৰিছে ৷

দিল্লীত বাৰিষাৰ সাধাৰণ আগমনৰ তাৰিখ ২৭ জুন, কিন্তু এই প্ৰৱেশ দেৰি হ’ব নে নহয় সেয়া এতিয়াও ক’ব পৰা হোৱা নাই৷ আগন্তুক সপ্তাহত বংগোপসাগৰত পৰৱৰ্তী নিম্ন চাপ গঠনে বহুলাংশে নিৰ্ণয় কৰিব যে মৌচুমী সময় মতে দিল্লীত প্ৰৱেশ কৰিব নে জুলাইৰ আৰম্ভণিতহে ইয়াৰ প্ৰভাৱ দেখা যাব৷ উত্তৰ ভাৰতৰ বাবে বৰ্তমান ডাঙৰ চিন্তা বাৰিষাৰ আৰম্ভণিৰ তাৰিখ নহয়, বৰঞ্চ বাৰিষাৰ প্ৰবল ঢৌৰ সৃষ্টি নোহোৱালৈকে অপৰিৱৰ্তিত গৰম আৰু আদ্ৰৰ্তাৰ পৰিস্থিতিহে৷ বিহাৰ, ওড়িশা, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত আদ্ৰৰ্ পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে আৰু ই অহা তিনি-চাৰি দিনলৈকে থাকিব, যাৰ ফলত বতৰৰ পৰিস্থিতি বাসিন্দাসকলৰ বাবে অস্বস্তিকৰ হৈ পৰিব৷ জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত এসপ্তাহ ধৰি ব্যাপক বৰষুণৰ পূৰ্বানুমান প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে৷ পশ্চিম ৰাজস্থান, পঞ্জাব আৰু হাৰিয়ানাত অহা দুদিনত বৰষুণৰ লগে লগে ধুমুহা-বতাহৰ সৃষ্টি হ’ব পাৰে৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১০ জুনৰ পৰা ২২ জুনলৈকে বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ উপ-হিমালয় অঞ্চল পশ্চিমবংগ, বিহাৰ আৰু ছিকিমত দেশৰ ভিতৰতে অন্যতম প্ৰতিকূল বতৰৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, য’ত প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহাও হ’ব৷ ২৪ জুনলৈকে এই অঞ্চলসমূহত বতাহৰ গতিবেগ ঘণ্টাত ৪০-৫০ কিলোমিটাৰ হ’ব আৰু ৬০ কিলোমিটাৰ পৰ্যন্ত ধুমুহা হ’ব পাৰে৷

১৮১ পৰা ২৪ জুনলৈকে সমগ্ৰ অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ এই অঞ্চলসমূহত সপ্তাহটোৰ ভিতৰত ধুমুহা হোৱাৰো সম্ভাৱনা আছে৷ ১৮ জুনৰ পৰা ২৪ জুনলৈকে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু বিদৰ্ভৰ ওপৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই ১৮ জুনৰ পৰা ২১ জুনলৈকে সমগ্ৰ পূব আৰু পশ্চিম মধ্য প্ৰদেশ, ছত্তীশগড় আৰু বিদৰ্ভত ধুমুহা, বিজুলী আৰু মজলীয়াৰ পৰা ঘন বৰষুণৰ পূৰ্বাভাস প্ৰদান কৰিছে৷ ১৮-২৪ জুনত সমগ্ৰ গুজৰাট, কংকন আৰু গোৱা, মধ্য মহাৰাষ্ট্ৰ আৰু মাৰাথৱাড়াত প্ৰৱল বৰষুণৰ পূৰ্বাভাস দিছে বতৰ বিজ্ঞান বিভাগে৷ ১৮ জুনত কংকন-গোৱা, মধ্য মহাৰাষ্ট্ৰ আৰু মাৰাথৱাড়াৰ কিছু অংশত বজ্ৰপাত আৰু প্ৰচণ্ড বতাহৰ সৈতে বৰষুণৰ সম্ভাৱনা আছে৷ ইফালে বতৰ বিজ্ঞান বিভাগে মহাৰাষ্ট্ৰত দক্ষিণ-পশ্চিম মৌচুমীৰ অগ্ৰগতিৰ পলম হোৱা সন্দৰ্ভত এক বিজ্ঞপ্তি জাৰি কৰিছে ৷ দক্ষিণ ভাৰতত ২৪ জুনলৈকে সমগ্ৰ তেলেংগানা, উপকূলীয় অন্ধ্ৰ প্ৰদেশ, ৰায়ালাসীমা, কৰ্ণাটক, কেৰালা, তামিলনাডু, পুডুচেৰী আৰু লক্ষদ্বীপত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞান বিভাগে ১৮ জুনত তামিলনাডু, কেৰালা, পুডুচেৰীত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস দিছে৷ এই অঞ্চলসমূহত ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত ধুমুহা-বতাহৰ সৈতে বজ্ৰপাতৰো সম্ভাৱনা আছে৷

Related Articles