২ কোটি টকাৰ বীমা ধনৰ লোভত স্বামীক হত্যা, ৰূপ দিলে দুৰ্ঘটনাৰঃ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা

পৰকীয়া প্ৰেম আৰু বীমা ধন লাভৰ লালসাৰ চৰম পৰিণতি৷ বিনা দোষতে এজন লোকে হেৰুৱালে প্ৰাণ৷ পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰিবলৈ নিয়োগ কৰিছিল আন দুজন লোক ৷ পিছে লোভেই পাপ, পাপেই মৃত্যু ৷ অতিপাত লোভেই কাল হ’ল ৷ স্বামীহন্তা পত্নী তথা হত্যাকাণ্ডটোৰ এজনক বাদ দি বাকী অভিযুক্তকেইজন সম্প্ৰতি আৰক্ষীৰ জালত৷ ইয়াৰে এজনে পলায়ন কৰা বুলি মঙলবাৰে আৰক্ষীয়ে সদৰী কৰে৷ এই ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, দীৰ্ঘদিনৰে পৰা মহিলাগৰাকীয়ে স্বামীৰ অজ্ঞাতে এজন লোকৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰক্ষা কৰি আহিছিল৷ পৰৱৰ্তী সময়ত বাটৰ কাঁইট হিচাপে থকা স্বামীক আঁতৰাবলৈ প্ৰেমিকৰ সৈতে মিলি মহিলাগৰাকীয়ে পৰিকল্পনা ৰচে আৰু ইয়াৰ বাবে আন দুজন লোকক নিয়োগ কৰে৷ মহিলাগৰাকীৰ নাম ভাৰতী আৰু তেওঁ তেলেংগানাৰ বাসিন্দা৷ ইতিমধ্যে তেলেংগানা আৰক্ষীয়ে ভাৰতীৰ সৈতে প্ৰেমিক সুৰেন্দৰ আৰু ভাৰাতীয়া হত্যাকাৰী দুজনৰ এজনক গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ কৰা ভাৰাতীয়া হত্যাকাৰীটোক শ্ৰীৰাম বুলি চিনাক্ত কৰা হৈছে ৷ ৰাম মল্লেশ নামৰ আনটো অভিযুক্ত পলাতক অৱস্থাত আছে ৷

আৰক্ষীয়ে মল্লেশৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, বিগত ২২ মে’ত তেলেংগানাৰ গুড়িপেটত ছাইনী কুমাৰ নামৰ ৪৫বছৰীয়া এজন লোকক গুৰুতৰভাৱে আহত অৱস্থাত পথৰ দাঁতিত পৰি থকা পৰিলক্ষিত হৈছিল৷ লোকজনৰ অৱস্থাটো লক্ষ্য কৰিলে যিকোনো লোকেই ই এক দুৰ্ঘটনা বুলিয়েই ক’ব৷ আচলতে প্ৰকৃত সত্য সেয়া নহয়৷ ই এক পৰিকল্পিত হত্যাকাণ্ডৰ নাটকীয় ৰূপ৷ বিবাহ বহিৰ্ভূত প্ৰেম আৰু ছাইনী কুমাৰৰ নামত থকা বীমাৰ ধন সহজে লাভ কৰিবলৈয়ে ছাইনীৰ পত্নী ভাৰতীয়ে প্ৰেমিকৰ সৈতে মিলি এই ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল৷ আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ভাৰতী আৰু সুৰেন্দৰে ছাইনী কুমাৰক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ৷ কাৰণ কুমাৰ তেওঁলোকৰ সম্পৰ্কত বাধা হৈ পৰিছিল আৰু তেওঁৰ নামত ২ কোটি টকাৰ বীমা আছিল৷

বিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা স্বামীৰ জীৱন বীমা পলিচীৰ প্ৰিমিয়াম দি থকা ভাৰতীয়ে অনুমান কৰিছিল যে যদি কোনো পথ দুৰ্ঘটনাত কুমাৰৰ মৃত্যু ঘটে, তেন্তে তেওঁ প্ৰায় ২ কোটি টকা লাভ কৰিব৷ আৰক্ষীয়ে এই কথাও জানিব পাৰিছে যে কুমাৰে গুড়িপেটৰ ৰাম মল্লেশৰ পৰা ৬০ হাজাৰ টকা ঋণ হিচাপে লৈছিল যদিও সেই ধন পৰিশোধ কৰিব নোৱাৰিলে৷ এনে সময়তে মল্লেশৰ সৈতে ভাৰতীৰ সাক্ষাৎ ঘটে৷ যোৱা মাহত ভাৰতী আৰু সুৰেন্দৰে মল্লেশক দুই লাখ টকা দিছিল৷ কুমাৰক হত্যা কৰাৰ পিছত পুনৰ এক লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ মল্লেশে এই কামত তেওঁক সহায় কৰিবলৈ মনচেৰিয়েলৰ এলআইচি কলনীৰ শ্ৰীৰামক মাতি আনে৷ পৰিকল্পনা অনুসৰি ৰাম মল্লেশ আৰু শ্ৰীৰামে বিগত ২২ মে’ত কুমাৰক অত্যধিক সুৰাপান কৰোৱায়৷ সুৰাপান কৰাৰ পিছত অচেতন হৈ পৰা কুমাৰৰ মূৰত তেওঁলোকে হাতুৰীৰে আঘাত কৰিছিল ৷ পিছত সমগ্ৰ ঘটনাটোক পথ দুৰ্ঘটনাৰ ৰূপ দিবলৈ কুমাৰৰ দুচকীয়া বাহনখনৰ সৈতে লোক দুজনে তেওঁক পথৰ কাষত পেলাই থৈ যায়৷

Related Articles