৩১ নিযুততকৈ অধিক লোকে ডাউনলোড কৰিলে আধাৰ এপ

প্ৰায় ৫ মাহ পূৰ্বে মুকলি কৰা নতুন আধাৰ এপে সমগ্ৰ ভাৰতৰে জনসাধাৰণৰ মাজত এক ব্যাপক গ্ৰহণযোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ ডাউনলোডৰ সংখ্যাই ইতিমধ্যে ৩১ নিযুতৰ ঘৰ স্পৰ্শ কৰিছে। ইয়াৰ ক্ৰমৱৰ্ধমান ব্যৱহাৰে আঙুলিৰ টিপাতে সেৱাসমূহ লাভ কৰাৰ ক্ষেত্ৰত এপটোৰ প্ৰতি নাগৰিকৰ বৰ্ধিত আত্মবিশ্বাসকে প্ৰতিফলিত কৰিছে।


সহজ জীৱন ধাৰণৰ উদ্দেশ্যে প্ৰস্তুত কৰা এই নতুন আধাৰ এপে জনসাধাৰণক ইয়াৰ স্মাৰ্টফোনৰ জৰিয়তে পোনপটীয়াকৈ মোবাইল নম্বৰ আৰু ঠিকনা আপডেট কৰাকে ধৰি বিভিন্ন সেৱা সহজে লাভ কৰাত সহায় কৰিছে।এতিয়ালৈকে, প্ৰায় ৪০ লাখ লোকে নতুন আধাৰ এপ ব্যৱহাৰ কৰি তেওঁলোকৰ মোবাইল নম্বৰ আপডেট কৰিছে। একে সময়তে, প্ৰায় ৮,৫০,০০০ লোকে নিজৰ ঠিকনা আপডেট কৰিবলৈ এই এপটো ব্যৱহাৰ কৰিছে। আধাৰ কাৰ্ডধাৰীসকলক এক সুবিধাজনক আৰু গোপনীয়তাক অগ্ৰাধিকাৰ দিয়াৰ উপায়েৰে নিজৰ পৰিচয় প্ৰদৰ্শন, শ্বেয়াৰ আৰু পৰীক্ষা কৰাৰ সুবিধা প্ৰদান কৰিব পৰাকৈ আধাৰ এপটো যুগুত কৰা হৈছে।

এই এপটোত জনসাধাৰণৰ উপযোগী কেইবাটাও বৈশিষ্ট্য আছে, যাৰ ভিতৰত মাত্ৰ এটা ক্লিকেৰে বায়’মেট্ৰিক লক-আনলক কৰা, উপস্থিতিৰ প্ৰমাণ হিচাপে মুখমণ্ডলৰ সত্যাপন, প্ৰমাণীকৰণৰ ইতিহাস আৰু কায়িক ভিজিটিং কাৰ্ডৰ পৰিৱৰ্তে সহজে যোগাযোগৰ তথ্য বিনিময় কৰিবলৈ এটা কিউআৰ ভিত্তিক সম্পাদনাযোগ্য কণ্টেক্ট কাৰ্ড উল্লেখযোগ্য। তদুপৰি ই ই-আধাৰ ডাউনলোড কৰাৰ অনুমতিৰ লগতে আধাৰ সেৱা কেন্দ্ৰসমূহ ভ্ৰমণৰ বাবে অনলাইনযোগে সহজে এপইণ্টমেণ্ট বুকিং কৰাৰ সুবিধা প্ৰদান কৰে।

আধাৰ এপে বাস্তৱ জীৱনৰ বহুতো ব্যৱহাৰিক ক্ষেত্ৰত সহায় কৰে। ইয়াৰ ভিতৰত অফলাইন ভেৰিফিকেচন চিকিং এণ্টিটিৰ (OVSE) কিউআৰ কোড স্কেনিং প্ৰক্ৰিয়াৰ জৰিয়তে হোটেলত চেক-ইন কৰা আদি আছে। ই হাস্পতালত ভৰ্তি হোৱা, দৰ্শনার্থী ব্যৱস্থাপনা, বিভিন্ন অনুষ্ঠানত প্ৰৱেশ আৰু গিগ কৰ্মী তথা সেৱা অংশীদাৰসকলৰ পৰিচয় প্ৰমাণীকৰণৰ দৰে বহুতো কাৰ্যত সুবিধা প্ৰদান কৰে।

Related Articles