Breaking

৪ মে’ৰ পৰা ১৭ মে’লৈকে ১৪ দিনলৈ পুনৰ বৃদ্ধি লকডাউন কেন্দ্ৰৰ নতুন নিৰ্দেশনা জাৰি

0 51

অনলাইন বাৰ্তা, ১ মে’ঃ পুনৰ বৃদ্ধি কৰিলে লকডাউনৰ ম্যাদ৷ তৃতীয় পৰ্যায়ৰ লকডাউন ১৪ দিনৰ বাবে অৰ্থাৎ ১৭ মে’লৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷ দেশত যিদৰে ক’ভিড-১৯ সংক্ৰমণ হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি বিপর্যয় মোকাবিলা আইন, ২০০৫ অনুযায়ী এই সিদ্ধান্ত লোৱা হয় বুলি গৃহ মন্ত্ৰালয়ে জনাইছে৷ উল্লেখ্য যে ৪ মে’ৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হ’ব৷ এই ১৪ দিনত কোন ক্ষেত্ৰত কি দৰে কাৰ্যকলাপ চলাব অথবা চলাব নোৱাৰে তাকে লৈও কেন্দ্ৰই নতুন নিৰ্দেশনা জাৰি কৰিছে৷ আনহাতে গ্ৰীণ জ’ন আৰু অৰেঞ্জ জ’নৰ বহু বিধিনিষেধ শিথিল কৰিছে কেন্দ্ৰই৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৈঠক কৰে অমিত শ্বাহসহ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আন সদস্যৰে৷ সেই বৈঠকত ক’ৰ’ণা পৰিস্থিতি আৰু লকডাউনৰ প্ৰয়োজনীয়তা লৈ পৰ্যালোচনা কৰে৷ তাৰ পাছত সন্ধিয়া গৃহ মন্ত্ৰালয়ে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰে লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ৷ এই তৃতীয় পৰ্যায়ৰ লকডাউন সন্দৰ্ভত নতুন সিদ্ধান্তবোৰৰ মতে যিবহৰ জিলাত কোনো সংক্ৰমিত হোৱা নাই বা গত ২১ দিনত কৰা টেষ্টিং ৰিপৰ্টত পজিটিভ হোৱা নাই সেইবোৰ জিলাক গ্ৰীণ জ’ন ধৰা হ’ব৷ আনহাতে কোনবোৰ জিলা গ্ৰীণ বা ৰেড জ’ন হিচাপে ধৰা হ’ব সেয়া নিৰ্ধাৰণ কৰা হ’ব সেই জিলাত চিকিৎসাধীন ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা, আক্ৰান্তৰ সংখ্যা দুগুণ হোৱাৰ সময়সীমা, টেষ্টিঙৰ পৰিমাণ আৰু নজৰত অহা ৰিপৰ্টৰ ভিত্তিত৷ তদুপৰি যিবোৰ জালা গ্ৰীণ বা ৰেড জ’নৰ মাজত পৰা নাই সেইবোৰ অৰেঞ্জ জ’ন ধৰা হ’ব৷ আনহাতে গ্ৰীণ, ৰেড আৰু অৰেঞ্জ জ’ন কোন কোন জিলাক ৰখা হৈছে সেয়া কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক প্ৰতি সপ্তাহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক জনোৱা হ’ব৷ ইয়াৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ চান ৰেড বা অৰেঞ্জ জ’নৰ তালিকাট জিলাৰ সংখ্যা বঢ়াব পাৰিব৷ কিন্তু কেন্দ্ৰই দিয়া ৰেড বা অৰেঞ্জ জ’নৰ তালিকাত কটা নহ’ব৷ উল্লেখ্য যে নিত্যব্যৱহাৰ্য নোহোৱা ই-কমাৰ্চ গ্ৰীণ আৰু অৰেঞ্জ জ’নত অনুমোদন কৰা হৈছে৷ আনহাতে আন্তঃৰাজ্যিক ভ্ৰমণৰ বাবে টেক্সি আৰু কেব চালক আৰু এজন যাত্ৰীক লৈ অৰেঞ্জ জ’নত অনুমতি দিয়া হৈছে৷ বাণিজ্যিক আৰু ব্যক্তিগত প্ৰতিষ্ঠান মুকলিত ৰেড জ’নত অনুমতি দিয়া হৈছে৷ ইয়াত থাকিব ছাপা আৰু বৈদ্যুতিন সংবাদ মাধ্যম, আই টি আৰু আই টি সেৱা, ডাটা আৰু কল চেণ্টাৰ, ক’ল্ড ষ্ট’ৰেজ আৰু ৱেৰহাউচিং সেৱা, প্ৰাইভেট ছিকিউৰিটি আৰু ফেকালিটি মেনেজমেণ্ট সেৱা, আত্মসংস্থাপনৰ ব্যক্তি, নাপিত আৰু আগতে উল্লেখ কৰা দিশবোৰ৷

Leave A Reply