৯ বছৰৰ কৰ্মজীৱনৰ কৰুণ সমাপ্তি! কৰ্তব্য শেষ কৰি ওলাই আহোতেই ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল নিৰাপত্তাৰক্ষী বিজু ডেকাৰ। কৰ্তব্য পালন কৰি প্ৰতিদিনৰ দৰেই উদ্যোগটোৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল। কিন্তু সেই খোজেই হ’ল জীৱনৰ অন্তিম খোজ।
সোণাপুৰৰ চামতাস্থিত ষ্টাৰ চিমেণ্ট উদ্যোগ চৌহদত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জাগীৰোডৰ কুমৈ গাঁৱৰ বিজু ডেকাই। তেওঁ উদ্যোগটোত প্ৰায় ৯ বছৰ ধৰি নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল।
জানিব পৰা মতে, পুৱাৰ ভাগত নিজৰ দায়িত্ব সম্পূৰ্ণ কৰি বাহিৰলৈ আহি থকা সময়তে উদ্যোগটোৰ কেঁচা সামগ্ৰী কঢ়িয়াই নিয়া ML 11 A 1340 নম্বৰৰ এখন ট্ৰাকে তেওঁক খুন্দিয়ায়। আঘাত ইমানেই গুৰুতৰ আছিল যে ঘটনাস্থলীতেই তেওঁৰ মৃত্যু হয়।
দুৰ্ঘটনাৰ পিছতে সোণাপুৰ যানবাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে। ঘটনাটোৰ তদন্ত অব্যাহত আছে।
বিজু ডেকাৰ এই অকাল মৃত্যুৱে পৰিয়াল, সহকৰ্মী আৰু সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

