ঢকুৱাখনাৰ এক স্বেচ্ছাসেৱী নাট্য সংগঠন ৰংগভূমিৰ উদ্যোগত যোৱা ৫ জুলাইৰ পৰা চলি থকা গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ বৃহস্পতিবাৰে সন্ধিয়া সফল সামৰণি পৰে।ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ শিক্ষাৰ্থী সৌৰভ দহোটীয়া আৰু ৰিমজুমা হাজৰিকাই প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰি এই কুৰিদিনীয়া নাট কৰ্মশালাত ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ-ছাত্ৰীক অভিনয়ৰ ‘অ,আ, ক,খ’ৰ শিক্ষা প্ৰদান কৰে।
উল্লেখ্য যে কুৰিদিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি কালি সন্ধিয়া ৰংগভূমিৰ চোতালৰ ‘বকুলবন’ত আয়োজন কৰা হয়।মূল অনুষ্ঠানৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে ঢকুৱাখনা সম জিলাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথে।ৰংগভূমিৰ সঞ্চালক কৌস্তভ কিশোৰ চুতীয়াই উদ্ধোধন কৰা নাট্য সন্ধিয়াত ৰিমজুমা হাজৰিকাৰ পৰিচালনাৰে-“উচুপণি” আৰু সৌৰভ দহোটীয়াৰ পৰিচালনাৰে “বাঁক” নামৰ দুখনি নাটক পৰিৱেশন কৰে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে।ইফালে এই নাট্যানুষ্ঠানৰ পূৰ্বেই আয়োজিত এক অনুষ্ঠানত ঢকুৱাখনাৰ শিক্ষা আৰু সাহিত্য জগতলৈ বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তি ডিম্বেশ্বৰ গগৈ আৰু মোহন লাগাছুক বিশেষ সম্বৰ্ধনা।
জনোৱা হয় ৰংগভূমিৰ তৰফৰ পৰা।নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত-প্ৰেছ গীল্ড,ঢকুৱাখনাৰ সম্পাদক পুলকজ্যোতি বৰা,চুতীয়া সাহিত্য সন্মিলন,অসমৰ আহ্বাক সমিতিৰ সভাপতি ৰাজীৱ বৰুৱা,চুতীয়া যুৱ সন্মিলন,অসমৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি পুলিন(দিগন্ত)চুতীয়া,স্থানীয় গাওপ্ৰধান পৰেশ চুতীয়াকে আদি কৰি কেইবাজনো বিশেষ ব্যক্তি আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে।

