ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আনন্দ উৎসৱ উদযাপন

সংগতি ৰাখি “টপচেম ৰঙালী বিহু ২০২৬” শীৰ্ষক এটি বাৰ্ষিক অনুষ্ঠানৰ পদক্ষেপ গ্ৰহণ কৰে। এই পদক্ষেপৰ জৰিয়তে গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ বৃদ্ধাশ্ৰম, শিশু যত্ন প্ৰতিষ্ঠান আৰু বিশেষ ভাৱে সক্ষম শিশু গৃহসমূহত ৰঙালী বিহুৰ আনন্দ উৎসৱ উদযাপন কৰা হয়।

বিহুৰ পৰম্পৰা অব্যাহত ৰাখি টপচেম চিমেণ্ট’-এ পুনৰ এবাৰ সমাজৰ জ্যেষ্ঠ নাগৰিক আৰু শিশুসকলৰ মাজত উৎসৱৰ আনন্দ বিলোৱাৰ সংকল্প গ্ৰহণ কৰিছে। এই পদক্ষেপে সুখ-শান্তি বিয়পোৱাৰ লগতে একাত্মবোধ আৰু সমন্বয়ৰ বাণীও প্ৰচাৰ কৰিছে।

উৎসৱৰ কাৰ্যসূচীসমূহ ১৮ এপ্ৰিল ২০২৬ তাৰিখে আৰম্ভ কৰা হয়। এই সময়ছোৱাত গুৱাহাটীস্থিত শান্তনীড় আৰু আপোন ঘৰ ডে কেয়াৰ চেণ্টাৰৰ লগতে বকোৰ আশাদীপ ৰিহেবিলিটেশ্যন চেণ্টাৰত বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানসমূহত উপহাৰ বিতৰণৰ লগতে পৰম্পৰাগত বিহুৰ খাদ্য যেনে পিঠা আৰু লাড়ু আগবঢ়োৱা হয়। তদুপৰি আকৰ্ষণীয় বাৰ্তালাপ কাৰ্যসূচীৰ জৰিয়তে এটি মনোমোহা উৎসৱৰ পৰিৱেশৰ সৃষ্টি কৰা হয়।

পৰৱৰ্তী ৪ দিনত একেধৰণৰ পদক্ষেপ অসম শিশু কল্যাণ সদন, কল্যাণী নিৱাস – চিল্ড্ৰেন হোম ফ’ৰ গাৰ্লছ, শিশু সাৰথি, চেনেহ, মা কামাখ্যা বৃদ্ধাশ্ৰম, প্ৰিয়বন্ধু বহুমুখী বিদ্যালয় (নাৰেংগী) আৰু গুৱাহাটীৰ মানষ জ্যোতি দাস মেম’ৰিয়েল হোমতো আয়োজন কৰা হ’ব।

আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত মেঘালয় চিমেণ্ট’চ লিমিটেডৰ বিক্ৰী তথা বিপনন বিভাগৰ ছিনিয়ৰ প্ৰেচিডেন্ট ড° অনিল কাপুৰে কয় যে, “আমি বিশ্বাস কৰোঁ যে উৎসৱ মানে কেৱল উদযাপন নহয়, উৎসৱ মানে আনন্দ বিলাই দিয়াৰ লগতে মানুহৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ এক সুযোগ। ‘টপচেম ৰঙালী বিহু ২০২৬’ৰ জৰিয়তে আমি বিশেষকৈ সেইসকল ব্যক্তিৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছোঁ, যিসকলে এই উৎসৱৰ আটাইতকৈ বেছি প্ৰয়োজন অনুভৱ কৰে। এইক্ষেত্ৰত এক অন্তৰ্ভুক্তিমূলক আৰু সহানুভূতিশীল সমাজ গঢ়ি তোলাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰোঁ। আমাৰ ২০ বছৰীয়া বৰ্ণিল যাত্ৰা উদযাপন কৰাৰ সময়ছোৱাত এনেধৰণৰ পদক্ষেপসমূহক সদায় অগ্ৰাধিকাৰ দিয়া হয়,”।

এই পদক্ষেপে সেই সকলো স্বেচ্ছাসেৱী সংগঠন আৰু পৰিচৰ্যাকাৰী ব্যক্তিসকলৰ অমূল্য অৱদানকো স্বীকৃতি দিয়ে, যিসকলে কঠিন পৰিস্থিতিত জীৱন যাপন কৰা ব্যক্তিসকলক সহায় কৰিবলৈ নিৰলসভাৱে কাম কৰি আহিছে আৰু সমাজত ইতিবাচক পৰিৱর্তনৰ এক প্ৰেৰণা হৈ ৰৈছে।

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকৰো অধিক সময়ৰ উপস্থিতিৰে টপচেম চিমেণ্টে নিজৰ কৰ্প’ৰেট আদৰ্শৰ সৈতে সাংস্কৃতিক মূল্যবোধো একেলগে আগবঢ়াই লৈ গৈছে। কেৱল আন্ত:গাঁথনি নিৰ্মাণ কৰাই নহয়, ইয়াৰ সমান্তৰালকৈ এখন শক্তিশালী সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰতো কোম্পানীটোৱে সমানেই গুৰুত্ব দিছে।

“টপচেম ৰঙালী বিহু” শীৰ্ষক পদক্ষেপটি ২০১০ চনৰ পৰাই কোম্পানীটোৰ সমাজমুখী কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে। এই পদক্ষেপে প্ৰতিবছৰে বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম, মানসিক ৰোগৰ স্বাস্থ্য প্ৰতিষ্ঠান আৰু বিষেশ ভাৱে সক্ষম শিশু বিশেষ গৃহলৈ ব’হাগ বিহুৰ আনন্দ কঢ়িয়াই অনাৰ জৰিয়তে সহানুভূতি, সন্মান আৰু সামাজিক দায়বদ্ধতাৰ স্থায়ী মূল্যবোধক প্ৰতিফলিত কৰে।

Related Articles