Breaking

ৰণবীৰৰ নগ্ন ফটোশ্বুট! এইবাৰ মুখ খুলিছে আলিয়া ভাটে, কি ক’লে আলিয়াই?

0 2,109

ৰণবীৰ সিঙে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ত তেওঁৰ বিপৰীত নায়ক হিচাপে অভিনয় কৰিছে। ছবিখনৰ কেইবাটাও দৃশ্যৰ দৃশ্যগ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। ছবিখনৰ নায়িকা আলিয়াৰ মাতৃ হোৱাৰ পাছতহে বাকী কাম আৰম্ভ হ’ব। ইয়াৰ মাজতে, ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুট। ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুট সন্দৰ্ভত এইবাৰ মুখ খুলিছে আলিয়া ভাটে। তেওঁ সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰো হাঁহিৰে দিছিল। যেতিয়া ৰণবীৰৰ কথা আহিছিল, অভিনেত্ৰীগৰাকীয়ে উত্তৰ দিছিল, “মই মোৰ প্ৰিয় নায়কৰ বিৰুদ্ধে কোনো সমালোচনা সহ্য নকৰো। গতিকে মই ভাল নোপোৱা প্ৰশ্ন নকৰাই ভাল।

” অভিনেতাগৰাকীৰ একাংশ অনুৰাগীয়ে এই ফটোশ্বুটটো ভাল লগা বুলি কৈছে আৰু একাংশই কয় যে এইটো যথেষ্ট অশ্লীল ফটোশ্বুট, এনেকুৱা হোৱা উচিত নাছিল। সকলোৱে ভিন ভিন মতামত দি আছে। আজি সকলোৰে মুখে মুখে মাঁথো নগ্ন ৰণবীৰৰ কথা। একাংশই ফটোবোৰ লাইক কৰিছে আৰু একাংশই তীব্ৰ সমালোচনাও কৰিছে। কিছুমানে ৰণবীৰক লৈ মিমো বনাইছে। ৰণবীৰৰ এই ফটোশ্বুটটো বহুদিনৰ আগতে আহিব লাগিছিল কিন্তু ৰখাই থোৱা হে হৈছিল। এক প্ৰতিবেদন অনুসৰি বহু আগতেই শ্বুটিঙৰ পৰিকল্পনা কৰা হৈছিল। শ্বুটিঙৰ দৃষ্টিভংগীৰ বিষয়ে ৰণবীৰ সিং অতি স্পষ্ট আছিল। ফটোবোৰ বহু আগতেই মুকলি কৰি দিয়াৰ কথা আছিল কিন্তু ৰণবীৰ সিঙৰ বাকী থকা কামৰ বাবে আৰু এখন ছবি মুক্তি পোৱাৰ বাবে ইয়াক পিছুৱাই দিবলগীয়া হৈছিল। মে’ বা জুন মাহত ৰণবীৰৰ নগ্ন ফটোশ্বুট মুকলি কৰাৰ কথা আছিল যদিও ৰণবীৰে অলপ অপেক্ষা কৰিব বিচাৰিছিল।

Leave A Reply