Breaking

ৰাজু শ্ৰীবাস্তৱৰ শেষৰটো ভিডিঅ’ ! য’ত তেওঁ এক পাৰিবাৰিক অনুষ্ঠানত গান গাইছিল ‘হুমমে তুমছে প্যায়াৰ কিৎনা’…

0 631

সমুখত আহিছে ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালৰ সৈতে ৰাজু শ্ৰীবাস্তৱৰ শেষৰটো ভিডিঅ’, গান গাইছিল – ‘হুমমে তুমছে প্যায়াৰ কিৎনা’।
কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ পিছত ওলাল তেওঁৰ শেষৰটো ভিডিঅ। এই ভিডিঅ’টোত তেওঁক পৰিয়ালৰ সৈতে হাঁহি-ধেমালি কৰি থকা দেখিবলৈ পোৱা গৈছে।বিখ্যাত কমেডিয়ান তথা চলচ্চিত্ৰ অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ ৫৮ বছৰ বয়সত দেহাৱসান ঘটে। ১০ আগষ্টত তেওঁৰ হাৰ্ট এটেক হৈছিল। ইয়াৰ পিছতে তেওঁক দিল্লীৰ নিখিল ভাৰত চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত ভৰ্তি কৰা হয়, য’ত তেওঁ কালি (বুধবাৰ) শেষ নিশ্বাস লয়। তেওঁৰ মৃত্যুৰ পিছত সমগ্ৰ চলচ্চিত্ৰ ক্ষেত্ৰখনত শোকৰ ঢৌ উঠিছিল, তেওঁৰ লাখ লাখ অনুৰাগীয়ে তেওঁক মনত পেলাইছিল। এতিয়া পোহৰলৈ আহিছে ৰাজু শ্ৰীবাস্তৱৰ শেষৰটো ভিডিঅ’, য’ত তেওঁক পাৰিবাৰিক অনুষ্ঠানত হাঁহি-ধেমালি কৰি থকা দেখা গৈছে।

ৰাজু শ্ৰীবাস্তৱৰ শেষৰটো ভিডিঅ

তথ্য অনুসৰি, ৰাজু শ্ৰীবাস্তৱৰ এই ভিডিঅ’টো এইমছত ভৰ্তি হোৱাৰ ১৫ দিন আগৰ। স্বাস্থ্যৰ অৱনতি ঘটাৰ ১৫ দিন পূৰ্বে লক্ষ্ণৌৰ ৰাজাজীপুৰমত থকা আত্মীয়ৰ (শহুৰ) ঘৰত বিয়াত অংশ লৈছিল তেওঁ। এই সময়ত তেওঁক পৰিয়ালৰ সৈতে হাঁহি হাঁহি হাঁহি থকা দেখা গৈছিল। ৰাজু শ্ৰীবাস্তৱেও কিছুমান গীত গাইছিল, যাৰ ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে।

ৱৰ্কআউটৰ সময়ত হাৰ্ট এটেক আহিছিল

তাৎপৰ্যপূৰ্ণভাৱে ১০ আগষ্টত ৰাজু শ্ৰীবাস্তৱে জিমত ৱৰ্কআউট কৰি আছিল। তাৰ পিছত ট্ৰেডমিলত ব্যায়াম কৰি থাকোঁতে তেওঁৰ বুকুত বিষ হৈছিল আৰু তেওঁ তললৈ পৰি যায়। ইয়াৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়, য’ত চিকিৎসকে কয় যে তেওঁৰ হৃদযন্ত্ৰ বন্ধ হৈ গৈছে। ১ মাহতকৈ অধিক চিকিৎসাৰ অন্তত কালি দিল্লীৰ এইমছত মৃত্যু হয়।

১৯৮০ চনৰ শেষৰ ফালে মনোৰঞ্জন জগতত সক্ৰিয় হৈ থকা ৰাজু শ্ৰীবাস্তৱে ২০০৫ চনত ষ্টেণ্ড আপ কমেডী শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান লাটাৰ চেলেঞ্জ’ৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰি অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ ‘মেইন প্যাৰ কিয়া’, ‘বাজিগৰ’, ‘বম্বে টু গোৱা’ (ৰিমেক) আৰু ‘আমদানী আথানি খাৰচা ৰূপৈয়া’ আদি ছবিত অভিনয় কৰিছিল। ‘বিগ বছ’ ছিজন থ্ৰীত তেওঁক দেখা গৈছিল। কিছুদিন সমাজবাদী পাৰ্টীৰ সৈতে জড়িত হৈ থকাৰ পাছত ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল ৰাজুৱে।

Leave A Reply