Breaking

ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ মন্ত্রী পীয়ুষ হাজৰিকালৈ কৰ্মভূষন ২০২২ কৰ্মদক্ষতা বঁটা

0 48

চৰাইদেউ বাতৰিৰ দ্বাদশ বৰ্ষপূতিত প্ৰদান কৰিব লগা বঁটা ঘোষণা:

ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ মন্ত্রী পীয়ুষ হাজৰিকা লৈ কৰ্মভূষন ২০২২ কৰ্মদক্ষতা বঁটা:

ঐতিহাসিক চৰাইদেউ জিলাৰ পৰা বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে প্ৰকাশিত হৈ থকা পষেকীয়া চৰাইদেউ বাতৰিয়ে ইতিমধ্যে ভৰি দিছে দ্বাদশ বৰ্ষত। বাতৰি কাকত খনে বিগত বৰ্ষ সমূহত
ইতিমধ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি, সাংবাদিকক বঁটা প্ৰদান কৰি অহাৰ ওপৰিও বিগত সময়ছোৱাত বৰ্তমানৰ মূখ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক অক্লান্ত প্ৰহৰী কভিড যোদ্ধাৰ সাহসিকতাৰ বঁটা প্ৰদান কৰিছিল। ২০২২ বৰ্ষত পষেকীয়া কাকত খনে পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখি বঁটা ঘোষণা কৰিছে। কাকত খনে ২০২২ বৰ্ষত কৰ্মভূষন-২০২২ কৰ্মদক্ষতা বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৰাজ্য চৰকাৰৰ দায়িত্বশীল কৰ্মপটু তথ্য ও জনসংযোগ বিভাগৰ মন্ত্রী পীয়ুষ হাজৰিকাক। ইয়াৰ উপৰিও শিক্ষয়িত্রী ভানু ভৰালী যুৱ-সাংবাদিকতা বঁটাৰ বাবে এন ডি ২৪ ৰ কাৰ্য্যবাহী সম্পাদক ৰাজদ্বীপ বাইলুং, সমাজ কৰ্মী সুফল তাচা সোঁৱৰণী ‘ শিক্ষাৰত্ন ‘ বঁটা UNIVERSITY OF SCIENCE &TECHNOLOGY MEGHALAYA ৰ CHANCELLOR MAHBUBUL HOQUC ক, নাগালেণ্ড বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচার্য্য ডঃ বলীন কোঁৱৰক প্ৰজ্ঞাৰ সাধক বঁটাৰ লগতে বীনাৰানী ভূমিজ সোঁৱৰণী সমাজ সেৱক বঁটা ডঃ ৰাজীৱ কুমাৰ মহত্ব’ক বঁটা লগতে বৰ্ষপূতিৰ লগত সংগতি ৰাখি হবলগীয়া সভাত বিশেষ ভাবে সম্বৰ্ধনা জনাব দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্য্যবাহী সম্পাদক ডিম্পুল চুতীয়া, অসম আদিত্য কাকতৰ জেষ্ঠ সাংবাদিক হৰেণ সোণোৱাল, সদৌ অসম সাংবাদিক সন্হাৰ ৰাজ্যিক সম্পাদক তথা সাংবাদিক পেঞ্চন প্ৰাপ্ত ৰাতুল বৰা, চৰাইদেউ জিলাৰ তথ্য ও জনসংযোগ বিভাগকৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈ, টাই আহোম যুথ ফৰামৰ সভাপতি বিশ্বজিৎ গগৈক জনাব লগা বিশেষ সভাখন সঞ্চালনা কৰিব দক্ষ প্ৰহাশনিক বিষয়া তথা লেখক বিবেকানন্দ ফুকনে। অক্টোবৰৰ মাহৰ শেষ সপ্তাহত গুৱাহাটীত অনুষ্ঠিত হব লগা বৰ্ষপুৰ্তি আৰু বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি সাম্প্রতিক সময়ত বাতৰি কাকতৰ ভবিষ্যত আৰু সাংবাদিকৰ দায়বদ্ধতা’শীৰ্ষক বিষয়ত হব লগা বতৃক্তা প্ৰদান অনুষ্ঠানত মূখ্য বক্তাৰূপে উপস্থিত থাকিব সদৌ অসম ৰাজ্যিক সাংবাদিক সন্হাৰ সভাপতি তথা জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা। চৰাইদেউ বাতৰি’ৰ বঁটা নিৰ্বাচনৰ জুৰি সমিতিয়ে নিৰ্বাচন কৰা বঁটা প্ৰাপক সকলক উক্ত অনুষ্ঠানত বঁটা প্ৰদান কৰা হব বুলি কাকত খনৰ মূখ্য সম্পাদক মৃদুল কুমাৰ চাহুৱে এক প্ৰেছ বিবৃতি যোগে জনাইছে।

Leave A Reply