কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পৱিত্ৰ ৰাভা দিৱসত কলাগুৰুলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু উল্লেখ কৰে, “সব্যসাচী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ অমৰ সৃষ্টিৰাজি আৰু সাংস্কৃতিক চেতনাই অসমীয়া জাতিক যুগে যুগে অনুপ্ৰাণিত আৰু পথ-প্ৰদৰ্শন কৰি আহিছে। ৰাভাদেৱৰ আভাই চিৰকাল আলোকিত কৰি ৰাখিব অসমৰ জাতীয় জীৱন। অসমীয়া জাতিৰ কলা-সংস্কৃতি, সাহিত্য, সংগীত আৰু সমাজ জীৱনলৈ অপৰিসীম অৱদান আগবঢ়োৱা মহান শিল্পী, কলা-সংস্কৃতিৰ অগ্ৰদূত বিষ্ণুপ্ৰসাদ ৰাভাদেৱক পুণ্য স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
সব্যসাচী ৰাভাদেৱে শিল্পৰ মাধ্যমেৰে অসমৰ বৰ্ণাঢ্য সংস্কৃতিক উজলাই তুলিছিল। এইগৰাকী মহান ব্যক্তিত্বই অসমীয়া জাতিক আত্মমৰ্যাদা আৰু সাংস্কৃতিক চেতনাৰ নতুন দিশ দেখুৱাইছিল। কলাগুৰুৰ সাংস্কৃতিক চিন্তাধাৰা আৰু সৃষ্টিশীল কৰ্মই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেখেতৰ স্মৃতি জাতীয় জীৱনৰ বাবে চিৰ-অম্লান হৈ থাকিব।”

