যোৱা ১২ জুনৰ পৰা ১৪ জুনলৈ বাংগালুৰুত অনুষ্ঠিত হোৱা ষষ্ঠ বিচিএআই ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬ত অসমৰ ড০ বিপুল দাসে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। দেশৰ কিছু শীৰ্ষ পাঞ্জা খেলুৱৈৰ বিৰুদ্ধে উল্লেখযোগ্য শক্তি আৰু দক্ষতা প্ৰদৰ্শন কৰি দুটাকৈ পদক আজুৰি আনিলে ড° বিপুল দাসে। প্ৰতিযোগিতাৰ ছিনিয়ৰ গ্ৰেণ্ড মাষ্টাৰ শাখা (৮৬ কেজি)ত প্ৰতিদ্বন্দ্বিতা কৰি ড০ দাসে ৰাইট হেণ্ড ইভেণ্টত ৰূপৰ পদক আৰু লেফ্ট হেণ্ড ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে।
ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত অসাধাৰণ প্ৰদৰ্শনেৰে ড° বিপুল দাসে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত জাপানত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।ড° বিপুল দাসৰ এই কৃতিত্বক অসমৰ ক্ৰীড়া সমাজে বহুলভাৱে প্ৰশংসা কৰাৰ লগতে পাঞ্জাক ৰাজ্যখনৰ নৱ প্পজন্মৰ মাজত জনপ্ৰিয় কৰি তোলা ড০ দাসকে গ্ৰহণ কৰা প্ৰচেষ্টাক বহুতে ভূয়সী প্ৰশংসা কৰিছে। ইপিনে শুকুৰবাৰে দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত অসমলৈ গৌৰৱ কঢ়িয়াই অনা ড০ বিপুল দাসক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক তথা দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোঁহাইয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।
শংকৰ গোঁহাঞিয়ে কয়- ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত উল্লেখযোগ্য প্ৰদৰ্শনেৰে দুটাকৈ পদক লাভ কৰি বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱা ড° বিপুল দাসে অসমৰ নাম বিদেশতো উজলাবলৈ সক্ষম হব বুলি সকলোৱে আশাবাদী। তেওঁৰ প্ৰতি আমাৰ শুভেচ্ছা সদায় থাকিব। তেওঁৰ এই সফলতা অসমৰ উঠি অহা খেলুৱৈসকলৰ বাবে প্ৰেৰণা হিচাপে পৰিগণিত হৈছে । চলিত বৰ্ষৰ শেষৰ ফালে বিশ্ব মঞ্চত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা ড° বিপুল দাসক ক্ৰীড়াপ্ৰেমী আৰু শুভাকাংক্ষীসকলে অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক প্ৰতিযোগিতাত তেওঁৰ সফলতা কামনা কৰিছে।উল্লেখ্য এগৰাকী খ্যাতিসম্পন্ন পাঞ্জা খেলুৱৈ হোৱাৰ উপৰি ড° বিপুল দাস অসমৰ এগৰাকী প্ৰাক্তন ৰঞ্জি খেলুৱৈও।

