ৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাত উজলিল অসম কন্যা অভিলাষা

কলকাতাত অনুষ্ঠিত ‘লয়লহৰী’ অল ইণ্ডিয়া অফলাইন টেলেণ্ট ছাৰ্চ মিউজিক কনটেষ্টত চাৰিওটা বিভাগত পুৰস্কাৰ লাভ কৰি সাফল্য অৰ্জন কৰিছে অসম কন্যা অভিলাষা চক্ৰৱৰ্তীয়ে। স্বামী বিবেকানন্দ ফাউণ্ডেচন অফ আৰ্ট এণ্ড কালচাৰৰ উদ্যোগত যোৱা ১৬ আৰু ১৭ মে’ কলকাতাত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।

দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই সংগীত প্ৰতিযোগিতাৰ আজি ফলাফল ঘোষণা কৰা হয়। ঘোষিত ফলাফল অনুসৰি, অভিলাষাই ছেমি-ক্লাছিকেল, ৰবীন্দ্ৰ সংগীত, খেয়াল আৰু ভজন—এই চাৰিওটা বিভাগত পুৰস্কৃত হৈছে।

সাংবাদিক অৰূপ চক্ৰৱৰ্তী আৰু বৰ্ণালী চক্ৰৱৰ্তীৰ কন্যা অভিলাষা গুৱাহাটী খানাপাৰাৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। পোন্ধৰ বছৰ বয়সতে ৰাষ্ট্ৰীয় মঞ্চত এই সাফল্যই তেওঁৰ নিষ্ঠা, নিয়মীয়া অনুশীলন আৰু সংগীতৰ প্ৰতি গভীৰ আগ্ৰহৰ পৰিচয় দিছে।

পৰিয়ালৰ ফালৰ পৰা জনোৱা অনুসৰি, সৰুৰে পৰা সংগীতৰ প্ৰতি অভিলাষাৰ বিশেষ আগ্ৰহ আছিল। পঢ়া-শুনাৰ সমান্তৰালভাৱে নিয়মীয়াকৈ সংগীতচৰ্চা কৰি আহিছে তেওঁ। সুৰ, তাল আৰু লয়ৰ প্ৰতি একাগ্ৰতা, লগতে নিৰন্তৰ অনুশীলনে অভিলাষাক ধীৰে ধীৰে ডাঙৰ মঞ্চৰ বাবে সাজু কৰি তুলিছে।

অভিলাষাৰ এই সংগীত-যাত্ৰাত উস্তাদ ৰশিদ খান একাডেমিৰ গুৰুসকলৰ দিশা আৰু প্ৰশিক্ষণ বিশেষভাৱে উল্লেখযোগ্য। পৰিয়ালৰ আশীৰ্বাদ, শুভাকাংক্ষীৰ মৰম আৰু গুৰুজনৰ পৰামৰ্শই তেওঁৰ এই সাধনাক অধিক শক্তি দিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই স্বীকৃতিয়ে অভিলাষাৰ আগন্তুক সংগীত-যাত্ৰাক অধিক উজ্জ্বল কৰি তুলিব বুলি আশা কৰা হৈছে।

Related Articles