ৰেফাৰ চিকিৎসালয়লৈ পৰিণত হৈছে সোণাপুৰ জিলা চিকিৎসালয়!
চিকিৎসকৰ অভাৱত ৰোগীক ৰেফাৰ, ৰোগী নিবলৈ নাই পৰ্যাপ্ত এম্বুলেন্স
Pediatric Intensive Care Unit থকাৰ পিছতো শিশু চিকিৎসকৰ অভাৱৰ অভিযোগ
বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ ৰাইজক উন্নত চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে স্থাপন কৰা সোণাপুৰ জিলা চিকিৎসালয়ক লৈ এইবাৰ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসকৰ অভাৱৰ ফলত ৰোগীক সময়মতে চিকিৎসা সেৱা প্ৰদান কৰাৰ পৰিৱৰ্তে গুৱাহাটীলৈ ৰেফাৰ কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কেৱল চিকিৎসা সেৱাই নহয়, জৰুৰীকালীন সময়ত ৰোগীক উচ্চতৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ পৰ্যাপ্ত এম্বুলেন্স সেৱাও উপলব্ধ নোহোৱাৰ অভিযোগে অধিক চিন্তিত কৰিছে ৰাইজক।

উল্লেখযোগ্য যে যোৱা ১০ ছেপ্টেম্বৰৰ নিশা এগৰাকী ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিকৰ ডেৰ বছৰীয়া সন্তানক জৰুৰীকালীন চিকিৎসাৰ বাবে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসালয়খনত শিশু চিকিৎসকৰ অভাৱৰ বাবে শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰেফাৰ কৰা হয় বুলি জানিব পৰা গৈছে।
চিকিৎসকে গুৱাহাটীলৈ ৰেফাৰ কৰিলেও ৰোগীয়া ডেৰ বছৰীয়া শিশুটিক গুৱাহাটীলৈ লৈ যাবলৈ চিকিৎসালয়খনত পৰ্যাপ্ত এম্বুলেন্স সেৱা উপলব্ধ নোহোৱাত সমস্যাৰ সৃষ্টি হয়। অৱশেষত উপায়ন্তৰ হৈ শিশুটিৰ অভিভাৱকে ব্যক্তিগত বাহনৰ ব্যৱস্থা কৰি নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাবলগীয়া হয়।

ইয়াত বিশেষভাৱে উল্লেখযোগ্য যে সোণাপুৰ জিলা চিকিৎসালয়ত শিশুৰ জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে Pediatric Intensive Care Unit (PICU) থকাৰ পিছতো তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰিব পৰাকৈ প্ৰয়োজনীয় শিশু চিকিৎসকৰ অভাৱ থকাৰ অভিযোগ উঠিছে। ফলত অত্যাৱশ্যকীয় সময়ত চিকিৎসকৰ অভাৱত ৰোগীক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ ৰেফাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইফালে চিকিৎসালয়খনৰ তত্বাৱধানত দুখনকৈ এম্বুলেন্স থকাৰ কথা জানিব পৰা গৈছে যদিও ইয়াৰে এখন দীৰ্ঘদিন ধৰি বিকল হৈ পৰি থকাৰ অভিযোগ উঠিছে। গুৱাহাটী ৰিফাইনেৰীয়ে দান দিয়া বুলি জানিব পৰা এম্বুলেন্সখন যোৱা তিনি-চাৰি মাহ ধৰি বিকল হৈ চিকিৎসালয় চৌহদতে পৰি আছে। আনকি বাহনখন ঘাঁহ-বনেৰে আবৰি পৰাৰ দৃশ্যই চিকিৎসালয়খনৰ এম্বুলেন্স সেৱাৰ প্ৰতি থকা অৱহেলাৰ অভিযোগক অধিক গুৰুতৰ কৰি তুলিছে।
আনহাতে, চিকিৎসালয়খনৰ আন এম্বুলেন্স সেৱাৰ বাহনো মাজে সময়ে বিকল হৈ পৰাৰ ফলত জৰুৰীকালীন সময়ত ৰোগীক সময়মতে উচ্চতৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰাত সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰিছে একাংশই।
এনে পৰিস্থিতিত বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰশ্ন—জিলা চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক আৰু কাৰ্যক্ষম এম্বুলেন্স সেৱা নথকাৰ বাবে জৰুৰীকালীন সময়ত ৰোগীয়ে চিকিৎসাৰ পৰা বঞ্চিত হৈ থাকিব লাগিব নেকি?
জিলা চিকিৎসালয়ত যদি ৰোগীক চিকিৎসা দিয়াৰ পৰিৱৰ্তে বাৰে বাৰে ৰেফাৰ কৰিবলগীয়া হয়, আৰু ৰেফাৰ কৰাৰ পিছত ৰোগীক কঢ়িয়াই নিবলৈও যদি এম্বুলেন্স বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়, তেন্তে এই চিকিৎসালয়খনক জিলা চিকিৎসালয় বুলি কোৱা হ’ব নে ৰেফাৰ কেন্দ্ৰ বুলি কোৱা হ’ব—সেই প্ৰশ্ন এতিয়া ডিমৰীয়াবাসীৰ।

