Breaking

ৱাটছএপত পৰীক্ষা পাতিবলৈ নিৰ্দেশ ওদালগুৰি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ

0 75

ওদালগুৰিওদালগুৰি সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে অনলাইন যোগে পাঠদান আৰু পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে৷ উল্লেখ্য যে ওদালগুৰি জিলাৰ ৭০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ নাই এন্ড্ৰয়ড ম’বাইল ফোন৷ ফলত বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল৷ ক’ৰ’ণা ভাইৰাছক ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে ল’কডাউন অব্যাহত আছে৷ ল’কডাউনৰ মাজতে ওদালগুৰিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ চৰকাৰী বিদ্যালয়বোৰত এন্ড্ৰয়ড ম’বাইল ফোন যোগে ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠদান আৰু অহা ৪ মে’ৰ পৰা অষ্টমৰ পৰা দশম শ্ৰেণীলৈকে গোট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াত শিক্ষকসকলকে ধৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যিকোনো প্ৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ৱাটছএপ নম্বৰ সংগ্ৰহ কৰি পাঠদান তথা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াত জিলাখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ল’কডাউন অমান্য কৰি ছাত্ৰ-ছাত্ৰীৰ ৱাটছএপ নম্বৰ বিচাৰি ঢপলিয়াই ফুৰিব লগীয়া হৈছে৷ কিন্তু বেছি ভাগ ছাত্ৰ-ছাত্ৰীৰে এন্ড্ৰয়ড ম’বাইল ফোনটো দূৰৰে কথা এসাজ ভালকৈ খাবলৈ নোপোৱা দ্ৰৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে হাজাৰ টকীয়া ম’বাইল ফোন নথকাত শিক্ষক-শিক্ষয়িত্ৰীসকল এতিয়া সমস্যাৰ সন্মূখীন হৈছে৷ শিক্ষকসকলে এন্ড্ৰয়ড ম’বাইল ফোন যোগে মুষ্ঠিমেয় ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠদান চলায় আছে যদিও দিন হাজিৰা কৰা ঠেলাৱালা, ৰিস্কাৱালা তথা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হ’বলগীয়া হৈছে৷ এই দৰিদ্ৰ অভিভাবকসকল লকডাউনৰ সামাজিক দুৰত্বৰ নীতি ভংগ কৰি দুৱাৰে দুৱাৰে বিছাৰি ফুৰিব লগীয়া হৈছে আনৰ এন্ড্ৰয়ড ম’বাইল ফোনৰ নম্বৰ। আনহাতে একাংশৰ এন্ড্ৰয়ড ম’বাইল ফোন আছে যদিও ধনৰ অভাবত ৰিচাৰ্জ কৰিব পৰা নাই। এইসকল অভিভাবক এতিয়া পেটৰ ভাত মুঠিকে কথাকে চিন্তা কৰিব নে এন্ড্ৰয়ড ম’বাইল ফোনৰ কথা চিন্তা কৰিব তাকে লৈ চিন্তাৰ কাৰণ হৈ পৰিছে৷ অনলাইন শিক্ষা ব্যব্যস্থা পৰা বঞ্চিত অভিভাবকৰ তথা ছাত্ৰ-ছাত্ৰীসকলে সেয়ে বিটিচিৰ শিক্ষা সঞ্চালক তথা অসম শিক্ষা মন্ত্ৰীক এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি শিক্ষাটো সকলো ছাত্ৰ-ছাত্ৰী বাবেই গ্ৰহণীয় কৰিবলৈ আহ্বান জনাইছে। লগতে ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকী কাণ্ড বন্ধ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে ওদালগুৰি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰা পৰীক্ষাৰ ৰুটিনখনো শুদ্ধকৈ দিব পৰা নাই৷ পৰীক্ষাৰ ৰুটিনত অষ্টম শ্ৰেণীৰ ঠাইত সপ্তম শ্ৰেণীৰ পৰীক্ষা  অনুষ্ঠিত কৰিবলৈ ওদালগুৰি সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে যোৱা ২৭ এপ্ৰিলৰ এক নিৰ্দেশনা দি বিদ্যালয়ৰসমূহলৈ পৰীক্ষাৰ ৰুটিন জাৰি কৰিছে৷

Leave A Reply