Breaking

তুৰ্কীৰ ভূমিকম্পত ১.৫ নিযুত লোক গৃহহীন, ৫,০০,০০০ ঘৰ কৰিব লাগিব পুনৰ নিৰ্মাণ: ৰাষ্ট্ৰসংঘ

0 78

প্ৰকৃতিৰ ৰুদ্ধ ৰূপে ধ্বংস স্তুপত পৰিণত কৰা তুৰস্কত আজিও মানুহৰ আৰাওৰ অন্ত পৰা নাই৷ এনে সময়তে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ (ইউএনডিপি) এজন বিষয়াই অনুমান কৰিছে যে শেহতীয়া ভূমিকম্পৰ ফলত তুৰস্কত ১.৫ নিযুত লোক গৃহহীন হৈ পৰিছে আৰু দেশখনৰ প্ৰায় ৫,০০,০০০ আৱাসগৃহ পুনৰ নিৰ্মাণ কৰিব লাগিব।

ইউএনডিপিৰ তুৰস্কৰ প্ৰতিনিধি লুইচা ভিণ্টনে এক অনলাইন প্ৰেছ ব্ৰিফিঙত কয় যে দেশখনৰ চৰকাৰে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত প্ৰায় ৭০ শতাংশ অট্টালিকা পৰিদৰ্শন কৰিছে। ইয়াৰ ভিতৰত, ১১৮,০০০ অট্টালিকা, ৪১২,০০০ টা সাধাৰণ ঘৰ খহি পৰিছে বা সেইবোৰৰ বহু ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ প্ৰয়োজন আছে । তেওঁ কয় যে ধ্বংসৰ মাত্ৰা যথেষ্ট বেছি আছিল৷ ভিনটনৰ মতে প্ৰথম ভূমিকম্পৰ দুসপ্তাহ পিছত পুনৰ ঊীমিকম্প আহিছে৷

এয়া তুৰ্কীৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰাকৃতিক দুৰ্যোগ বুলিও তেওঁ অভিহিত কৰে৷ তেওঁ লগতে কয় যে চৰকাৰে দেওবাৰে প্ৰথম ভূমিকম্পৰ পিছত অনুসন্ধান আৰু উদ্ধাৰৰ পৰ্যায় সমাপ্ত কৰিছে৷ ,তেওঁ লগতে জনায় যে ভূমিকম্পৰ প্ৰায় ৩০০ ঘণ্টাৰ পিছত ধ্বংসস্তুপৰ মাজৰ পৰা অন্তিম জীৱিত লোক জনক উদ্ধাৰ কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ জৰুৰীকালীন বিষয়া কেথেৰিন স্মলউডে প্ৰেছ ব্ৰিফিঙত কৈছে যে সংক্ৰামক ৰোগৰ আশংকা নিয়ন্ত্ৰণ কৰাটো এতিয়া গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে৷ তেওঁ কয় ” শ্বাস-প্ৰশ্বাসজনিত ৰোগ, কলেৰা, হেপাটাইটিছ এ আৰু সৰু আইৰ আশংকা বৃদ্ধি পাইছে”।

উল্লেখ্য ডাঙৰ ভূমিকম্পৰ পিছতো শেহতীয়াকৈ দক্ষিণ তুৰস্কৰ কাহৰমণমাৰাছ প্ৰদেশত ৬.৪ ৰ পৰা ৭.৭ প্ৰাবল্যৰ কেইবাটাও ভূমিকম্প হৈছে। ভূমিকম্পবোৰে চিৰিয়াৰ কিছু অংশকো কঁপাই গৈছে৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মুঠতে দুয়োখন দেশত আনুমানিক ৪৭,০০০ লোকে প্ৰাণ হেৰুৱাইছে।

Leave A Reply