Breaking

লাহৰীঘাট বৰছলাত বুজন পৰিমাণৰ ড্ৰাগছ সহ ১ ড্ৰাগছ সৰবৰাহকাৰী আটক

0 79

মৰিগাঁও জিলাৰ  বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মামনি কুমাৰীৰ নেতৃত্বত গৰৈমাৰীৰ পৰা গোপন সূত্ৰৰ পম খেদি মফিদুল ইছলাম নামৰ(৩০) ড্ৰাগছ সৰবৰাহ কাৰীক  ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়ত কৰায়ত্ত কৰে ৷ 

উক্ত ড্ৰাগছ সৰবৰাহ কাৰীজনৰ পৰা ৮ টা ড্ৰাগচ ভৰ্তি চাদাৰ টেমা লগত ১২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ ৪ টা খালী কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা মতে বিয়লি ২ বজাত  এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰে। সম্প্রতি ধৃত ড্ৰাগছ সৰবৰাহ কাৰী জনক আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে। খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

Leave A Reply