Breaking

আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ ১০ খন গ্ৰন্থ প্ৰকাশেৰে অসমৰ সাহিত্য ভঁৰাললৈ অৱদান…

0 63


 আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ দোকান পোহাৰৰ চাইনবৰ্ড, বেনাৰ চাই চাই অসমীয়া আখৰৰ লগত চিনাকি হৈ সাহিত্য চৰ্চাত নিমগ্ন ‘প্ৰেৰণাশ্ৰী’ যতীন কুমাৰৰ দশমখন গ্ৰন্থ তেওঁৰ শুভ জন্মদিনত পশ্চিম দৰঙৰ বুঢ়া থানা চ’ক (মিলনপুৰ চাৰিআলি)ত উন্মোচন কৰা হয়। এই উপলক্ষে বিয়লি ২.৩০ বজাত বোনমাঝা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ঘনকান্ত ডেকাৰ সভাপতিত্বত হোৱা এই সভাত মানৱতাবাদী সংগঠন ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ অৰ্থ সাহাৰ্য্যত প্ৰকাশিত ১৪৬ পৃষ্ঠাৰ উপন্যাস ‘ভাগ্যদেৱী’ খন উন্মোচন কৰে ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। যুগল কুমাৰ মহন্তই আঁত ধৰা এই সভাত গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত  ডা° অমৰেন্দ্ৰ নাৰায়ণ দেৱে  কয় যে, যতীন কুমাৰৰ কাৰ্য সঁচাই ব্যতিক্ৰমী, তেওঁ আমাৰ সম্পদ।

কিয়নো আনুষ্ঠানিক শিক্ষা নোহোৱা সাতখন উপন্যাস, দুখন কবিতা আৰু এখন শিশু গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰা ঘটনাটো অকল অসমতেই নহয়, ভাৰতবৰ্ষতে বিৰল ঘটনা। এনে প্ৰতিভাধৰ সাহিত্যিকক ৰাইজৰ লগতে চৰকাৰে মৰম কৰা উচিত। নিজৰ চাহ দোকানত ব্যস্ত থকাৰ মাজতো সাহিত্য চৰ্চা কৰা যতীন কুমাৰৰ ‘ভাগ্যদেৱী’ উপন্যাস খন সকলোকে মূল্য দি ক্ৰয় কৰিবলৈ উন্মোচক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে আহ্বান জনায়। সভাত প্ৰাক্তন মন্ত্ৰী, নেৰিম গ্ৰুপৰ অধ্যক্ষ ড° জয়নাথ শৰ্মাই যতীন কুমাৰক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি কয়, গ্ৰন্থৰ সমাদৰ শেহতীয়াকৈ অলপ কমিছে যদিও গ্ৰন্থৰ প্ৰয়োজন আছে আৰু চিৰদিন থাকিব। তেওঁ ‘মানুহে মানুহৰ বাবে’ ৰ কৰ্মৰাজিক প্ৰশংসা কৰি কয় যে, এনে সংগঠনে যতীন কুমাৰৰ গ্ৰন্থ প্ৰকাশ কৰি এক অনন্য নিদৰ্শন দাঙি ধৰিলে’ । মিলনপুৰ বিবেকানন্দ একাডেমীৰ অধ্যক্ষ দীপাংকৰ দাসে উদ্বোধন কৰা এই সভাত আইকণ কমাৰ্চ কলেজৰ অধ্যাপিকা মালবিকা শৰ্মা, মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক গণেশ দত্তই ভাষন প্ৰদান কৰে ।

নুৰুল আলীয়ে দিলীপ কলিতাৰ সহযোগত জিকিৰ, জিজ্ঞাসা অৰ্পনমে নৃত্য পৰিৱেশন কৰা সভাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছহিৰ ভূঞাই, সম্পাদক গৌতমানন্দ গোস্বামী, বোনমাঝা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰকান্ত ডেকা, আন্ধেৰীঘাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শচীন শইকীয়া, যোগবিদ বলিন্দ্ৰ কলিতা, দুনী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জগন্নাথ শইকীয়া, নিৰ্মল সাই প্ৰকাশনৰ স্বত্বাধিকাৰী উৎপল ভৰদ্বাজ, সাহিত্যিক হৰিচন্দ্ৰ শৰ্মা, কবি কীৰিতি বৰা, পপী চহৰীয়া, জিতুমণি হাজৰিকা, তৃষ্ণা হাজৰিকা, শিল্পী নিকু কটকী, সমাজকৰ্মী সংগীতা দেৱী, শেখৰ মজুমদাৰ, মঙলদৈ পৌৰসভাৰ খণ্ড আয়ুক্ত সুব্ৰত শীল, ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ উপদেষ্টা মিনতি হাজৰিকা, সম্পাদক জিতুমণি চহৰীয়া, বিত্ত সম্পাদক ৰাতুল ডেকা, সদস্য কুন্তল হাজৰিকা, ৰূপা বিশ্বাস, জেষ্ঠ সাংবাদিক লক্ষ্যধৰ শইকীয়াকে ধৰি শতাধিক লোক উপস্থিত থাকে। এই অনুষ্ঠানতে মিলনপুৰ চাৰিআলি বণিক সন্থাৰ সভাপতি হিতেশ নাথ, সম্পাদক বিকি আলীয়ে যতীন কুমাৰক সম্বৰ্ধনা জ্ঞাপন কৰে। 

-দ্বীপেন ডেকা

Leave A Reply