Breaking

লক্ষ্ণৌৰ হোটেল বিস্ফোৰণৰ ফলত ১০ জন আহত…

0 49

শুকুৰবাৰে লক্ষ্ণৌৰ কৃষ্ণ নগৰ অঞ্চলৰ এখন হোটেলত সংঘটিত হোৱা বিস্ফোৰণত ১০ জনৰো অধিক লোক আহত হয়। হোটেল এম্পোৰিয়া গ্ৰেণ্ডৰ পাকঘৰত সংঘটিত হয় এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ পাকঘৰত থকা কৰ্মচাৰীসকলক উলিয়াই আনে।

অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত ৰাজেশ শ্ৰীবাস্তৱে জনোৱা মতে, শুকুৰবাৰে সন্ধিয়া হোটেলখনৰ পাকঘৰৰ গেছ লাইনত বিস্ফোৰণ ঘটে, তাৰ পিছত আৰক্ষীৰ দল, অগ্নিনিৰ্বাপক বাহিনীৰ দল, আৰু এম্বুলেন্সে লগে লগে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।

“ঘটনা সংঘটিত হোৱাৰ সময়ত ১০ জন কৰ্মচাৰীয়ে পাকঘৰত কাম কৰি আছিল আৰু ঘটনাত সামান্য আঘাতপ্ৰাপ্ত হৈছিল। আহত আটাইকেইজন পাকঘৰৰ কৰ্মীক চিকিৎসাৰ বাবে লোক বন্ধু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে” এডিচিপিয়ে কয়। এডিচিপিয়ে লগতে কয় যে জুইৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Leave A Reply