পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah

Jayanta Malla Baruah আগষ্টত ১০ লাখ শিক্ষাৰ্থীৰ জৰিয়তে ১ কোটি গছপুলি ৰোপণ; বন সংৰক্ষণ আৰু সেউজ অসম গঢ়াৰ লক্ষ্যৰে চাৰিখন নতুন আঁচনিৰ শুভাৰম্ভ, ৭৭ সংখ্যক বন মহোৎসৱ সপ্তাহ উপলক্ষে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আজি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই স্থানীয় ৰাইজ আৰু বিভাগীয় বিষয়ববীয়াসকলৰ সৈতে ৭৭ জোপা গছপুলি ৰোপণ কৰে। ভাষণ প্ৰসংগত তেওঁ ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধি, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু জনঅংশগ্ৰহণ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাখনো নতুন জনমুখী আঁচনি ঘোষণা কৰে।

অনুষ্ঠানত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই কয় যে ‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত চলি থকা অমৃত বৃক্ষ আন্দোলনক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্যৰে এইবাৰ ‘বৃক্ষ বন্ধু’ শীৰ্ষক কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত অহা ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যজুৰি ১ কোটি গছপুলি ৰোপণ কৰা হ’ব। এই বৃহৎ অভিযানত নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয়, অভিযান্ত্ৰিক আৰু চিকিৎসা শিক্ষানুষ্ঠানৰ প্ৰায় ১০ লাখ শিক্ষাৰ্থী অংশগ্ৰহণ কৰিব আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ১০ জোপাকৈ গছপুলি ৰোপণ কৰিব।


গছপুলিসমূহৰ সঠিক প্ৰতিপালন আৰু জীয়াই থকাটো নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰতিগৰাকী শিক্ষাৰ্থীক VB-GRAM (G)-ৰ এজন জব কাৰ্ডধাৰী শ্ৰমিকৰ সৈতে সংযুক্ত কৰা হ’ব। চৰকাৰৰ নিৰ্ধাৰিত আঁচনিৰ অধীনত গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ বাবে সংশ্লিষ্ট শ্ৰমিকসকলক পৰ্যায়ক্ৰমে মজুৰি প্ৰদান কৰা হ’ব। পৰৱৰ্তী কিস্তিসমূহ লাভ কৰিবলৈ অন্ততঃ ৫০ শতাংশ গছপুলি জীয়াই থকাটো বাধ্যতামূলক হ’ব। এই পদক্ষেপে এফালে গছপুলিৰ দীৰ্ঘম্যাদী সংৰক্ষণ নিশ্চিত কৰাৰ লগতে গ্ৰাম্য অঞ্চলৰ জব কাৰ্ডধাৰী শ্ৰমিকসকলৰ বাবে কৰ্মসংস্থাপনৰো এক নতুন সুযোগ সৃষ্টি কৰিব। সফলভাৱে কাৰ্যসূচী সম্পূৰ্ণ কৰি জিঅ’-টেগযুক্ত ফটো আপলোড কৰা শিক্ষাৰ্থীসকলক ‘বৃক্ষ বন্ধু’ নামেৰে ডিজিটেল প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

অসমৰ থলুৱা ফল-মূলৰ প্ৰজাতিসমূহ সংৰক্ষণৰ উদ্দেশ্যে ‘ফলবাৰী’ শীৰ্ষক এক নতুন আঁচনিৰ কথাও মন্ত্ৰী বৰুৱাই ঘোষণা কৰে। এই আঁচনিৰ অধীনত অহা বছৰৰ এপ্ৰিল মাহৰ পৰা ৰাজ্যজুৰি ১ কোটি থলুৱা ফল-মূলৰ গছপুলি বিতৰণ কৰা হ’ব। আম, কঁঠাল, লেতেকু, পনিয়ল, কৰ্দৈ, কাজী নেমু আদি থলুৱা প্ৰজাতিৰ গছপুলিৰ নাৰ্ছাৰী চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰাই প্ৰস্তুত কৰা হ’ব। এই পদক্ষেপে অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লগতে গ্ৰাম্য পৰিয়ালসমূহৰ খাদ্য আৰু পুষ্টি সুৰক্ষাতো বিশেষ অৰিহণা যোগাব বুলি তেওঁ উল্লেখ কৰে।

জনসাধাৰণক পৰিৱেশ সংৰক্ষণৰ সৈতে অধিক ঘনিষ্ঠভাৱে জড়িত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰতিটো বনাঞ্চল ৰেঞ্জত ‘জন্মদিন সেউজ শপত উদ্যান’ শীৰ্ষক ‘জন্ম দিন উদ্যান’ স্থাপন কৰা হ’ব বুলিও মন্ত্ৰী বৰুৱাই ঘোষণা কৰে। বন মহোৎসৱ সপ্তাহৰ অন্তিম দিনা অৰ্থাৎ ৭ জুলাইত এই উদ্যানসমূহ মুকলি কৰা হ’ব। ইয়াৰ পিছত যিকোনো নাগৰিকে নিজৰ জন্মদিনত গছপুলি ৰোপণ কৰি এখন সেউজ পৃথিৱী গঢ়াৰ সংকল্প ল’ব পাৰিব। এই উদ্দেশ্যে অনলাইন পৰ্টেলৰ জৰিয়তে আগতীয়াকৈ গছপুলি বুকিং কৰাৰ সুবিধাও উপলব্ধ কৰা হ’ব।

ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি অঞ্চলসমূহ সেউজীকৰণৰ লক্ষ্যৰে ‘চৰ-চাপৰি সেউজকৰণ আঁচনি’ ৰূপায়ণৰ কথাও মন্ত্ৰী বৰুৱাই ঘোষণা কৰে। প্ৰথম পৰ্যায়ত পৰীক্ষামূলকভাৱে নিৰ্বাচিত কেইটামান চৰ অঞ্চলত ড্ৰোনৰ সহায়ত চিড বল (Seed Ball) প্ৰযুক্তি ব্যৱহাৰ কৰি গছৰ বীজ সিঁচাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পৰীক্ষামূলক প্ৰকল্প সফল হ’লে অহা বছৰৰ পৰা এই আঁচনি সমগ্ৰ অসমৰ চৰ-চাপৰি অঞ্চলত বৃহৎ পৰিসৰত ৰূপায়ণ কৰা হ’ব।

শেহতীয়াকৈ অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে লোৱা পদক্ষেপ সন্দৰ্ভত সোধা সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰুৱাই জনায় যে ৰাজ্যজুৰি অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে চলি থকা অভিযান পূৰ্ণোদ্যমে অব্যাহত আছে। বন বিভাগ আৰু ৰাইজৰ সহযোগিতাৰে প্ৰতিদিনে ৪০ৰ পৰা ৬০টা পৰ্যন্ত অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰা হৈছে। তেওঁ লগতে কয় যে প্ৰতিখন বনাঞ্চল ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ আৰু প্ৰতিটো বন বিভাগীয় ডিভিজনৰ ডিভিজনেল ফৰেষ্ট অফিচাৰ (DFO)-ক নিজ নিজ কাৰ্যক্ষেত্ৰত অবৈধ কাঠ ফলা মিল সম্পূৰ্ণৰূপে উচ্ছেদ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ক্ষেত্ৰত কৰ্তব্যত অৱহেলা কৰা বিষয়াসকলক জগৰীয়া ধৰি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

মন্ত্ৰী বৰুৱাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বনজ সম্পদ সংৰক্ষণ, জৈৱ বৈচিত্ৰ্য ৰক্ষা আৰু জনঅংশগ্ৰহণেৰে পৰিৱেশ সংৰক্ষণক এক গণ-আন্দোলন হিচাপে গঢ়ি তোলাৰ বাবে দৃঢ়সংকল্পবদ্ধ। তেওঁ ৰাজ্যবাসী, শিক্ষানুষ্ঠান আৰু স্থানীয় ৰাইজক চৰকাৰে ঘোষণা কৰা এই সেউজ পদক্ষেপসমূহত সক্ৰিয় অংশীদাৰ হ’বলৈ আহ্বান জনাই কয় যে সন্মিলিত প্ৰয়াসৰ জৰিয়তেহে এখন অধিক সেউজ, সুস্থ, পৰিৱেশ-অনুকূল আৰু বহনক্ষম অসম গঢ়ি তোলা সম্ভৱ।

Related Articles