Breaking

মহাৰাষ্ট্ৰৰ শ্বিৰ্দি ঘাইপথত বাছ-ট্ৰাকৰ সংঘৰ্ষত ১০ জন নিহত, ৩০ জনৰো অধিক আহত…

0 59

আৰক্ষীৰ মতে, তীৰ্থযাত্ৰী কঢ়িওৱা শ্বিৰ্দি চাইবাবা মন্দিৰলৈ যোৱা এখন বাছে এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত থিতাতে ১০ জন লোকৰ মৃত্যু হয় । শুকুৰবাৰে মহাৰাষ্ট্ৰৰ নাচিক-শ্বিৰদী ঘাইপথত এখন বাছে এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত সংঘৰ্ষত দুটি শিশুসহ ১০ জন লোক নিহত হোৱাৰ লগতে ৩৪ জনৰো অধিক লোক আহত হয়।

পাথাৰে গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীৰ মতে, তীৰ্থযাত্ৰী কঢ়িওৱা শ্বিৰ্দি চাইবাবা মন্দিৰলৈ যোৱা এখন বাছে এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত থিতাতে ১০ জন লোকৰ মৃত্যু হয়।

ব্যক্তিগত কম্ফাৰ্ট বাছখনৰ অধিকাংশ যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে থানেৰ পৰা ৫০জন যাত্ৰী বাছখনত উঠিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে জনোৱা মতে, উলহসনগৰৰ পৰা সাই দৰ্শনলৈ যোৱা ১৫খন বাছৰ ভিতৰত এইখন এখন।

মৃত্যু হোৱা ১০ জন লোকৰ ভিতৰত পাঁচগৰাকী মহিলা, তিনিজন পুৰুষ আৰু দুটা শিশু বুলি তেওঁলোকে কয় আৰু ৩৪ জন আহতক নাছিক জিলা চিকিৎসালয়, এখন ব্যক্তিগত চিকিৎসালয় আৰু চিন্নাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰক্ষীয়ে ঘাইপথ মুকলি কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শ্বিণ্ডে নাচিক-শ্বিৰদী ঘাইপথত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ ধন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই ঘটনাৰ তদন্ত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Leave A Reply