মাৰ্কিন চিনেটত ৰুছ তেল নিষেধাজ্ঞা বিধেয়ক অনুমোদনঃ ১০০% শুল্কৰ তীব্ৰ ভাবুকিৰ সন্মুখীন হ’ব ভাৰত

বিশ্ব বাণিজ্য আৰু ভূ-ৰাজনীতিৰ সমীকৰণ সলনি কৰিব পৰা এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকাই। ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি থকা দেশসমূহক লক্ষ্য কৰি অলপতে মাৰ্কিন চিনেটে এক কঠোৰ নিষেধাজ্ঞা বিধেয়কত অনুমোদন জনাইছে। “Lindsey O. Graham Sanctioning Russia and Iran Act” নামৰ এই বিধেয়কখন ৮৬-১১ টা বৃহৎ ভোটৰ ব্যৱধানত গৃহীত হৈছে। ইয়াৰ ফলত এতিয়া নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত এক ডাঙৰ অৰ্থনৈতিক সংঘাতৰ সূচনা হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

এই নতুন আইনখনৰ মূল উদ্দেশ্য হৈছে ৰাছিয়াৰ ৰাজহৰ প্ৰধান উৎস (তেল বিক্ৰী) বন্ধ কৰা, যাতে ইউক্ৰেইন যুদ্ধৰ বাবে মস্কোৱে পুঁজি লাভ কৰিব নোৱাৰে। এই বিধেয়কৰ চৰ্ত অনুসৰি, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বিশ্বৰ ৫খন সৰ্ববৃহৎ দেশৰ ওপৰত আমেৰিকাই ১০০% পৰ্যন্ত শাস্তিমূলক শুল্ক আৰোপ কৰিব পাৰিব। ২০২২ চনৰ ইউক্ৰেইন আক্ৰমণৰ পিছৰে পৰা ৰাছিয়াৰ পৰা সুলভ মূল্যত তেল ক্ৰয় কৰি অহা ভাৰত আৰু চীন এতিয়া পোনপটীয়াকৈ এই নতুন নিয়মৰ কোপত পৰাৰ আশংকাত আছে।

৫০০% ৰ পৰা ১০০%: ভাবুকি হ্ৰাস পালেও বিপদ কম হোৱা নাই:
প্ৰাৰম্ভিক খচৰাত নিয়ম উলংঘা কৰা দেশসমূহৰ ওপৰত ৫০০% পৰ্যন্ত শুল্ক জাপি দিয়াৰ প্ৰস্তাৱ কৰা হৈছিল। কিন্তু তীব্ৰ বিতৰ্কৰ অন্তত ইয়াক হ্ৰাস কৰি ১০০% কৰা হয়। অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে, শুল্কৰ হাৰ ১০০% হ’লেও ই ভাৰতৰ ৰপ্তানি খণ্ডৰ বাবে এক ডাঙৰ মোক্ষম আঘাত হ’ব। এই নিয়ম কাৰ্যকৰী হ’লে আমেৰিকাৰ বজাৰত ভাৰতীয় দৰব, বস্ত্ৰ, আইটি হাৰ্ডৱেৰ আৰু ইঞ্জিনিয়াৰিং সামগ্ৰীৰ মূল্য দুগুণ হৈ পৰিব, যাৰ ফলত ভাৰতীয় সামগ্ৰীয়ে আমেৰিকাত বজাৰ হেৰুৱাব লাগিব।

চিনেটত গৃহীত হোৱাৰ পিছত এই বিধেয়কখন এতিয়া মাৰ্কিন প্ৰতিনিধি সভালৈ প্ৰেৰণ কৰা হৈছে। তাত গৃহীত হ’লে ইয়াক ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ স্বাক্ষৰৰ বাবে পঠোৱা হ’ব। অৱশ্যে, এই আইনত ৰাষ্ট্ৰপতিক এক বিশেষ ৰেহাই দিয়াৰ ক্ষমতাও প্ৰদান কৰা হৈছে। যদিহে কোনো দেশে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত কাম কৰে, তেন্তে ৰাষ্ট্ৰপতিয়ে সেই দেশক এই শুল্কৰ পৰা ৰেহাই দিব পাৰিব। এই ৰেহাইৰ সুবিধাকণেই এতিয়া ভাৰতৰ বাবে কূটনীতিলৈ আশাৰ ৰেঙণি আনিছে।

আমেৰিকাৰ ভিতৰতে তীব্ৰ বিৰোধিতা:
এই কঠোৰ বিধেয়কখনক লৈ খোদ আমেৰিকাৰ চিনেটৰ ভিতৰতে মতবিৰোধ দেখা গৈছে। ৰন ৱাইডেন আৰু ৰেণ্ড পলৰ দৰে কেইবাজনো প্ৰভাৱশালী মাৰ্কিন চিনেটৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ মতে, শুল্কক এইদৰে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে ই ওলোটা প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত গোলকীয় যোগান শৃংখল ব্যাহত হ’ব আৰু খোদ আমেৰিকাৰ গ্ৰাহকসকলো চৰা মূল্যৰ বাবে বজাৰত সমস্যাৰ সন্মুখীন হ’ব লাগিব।

আমেৰিকাৰ ক্ষতি হ’ব বুলি ৰাছিয়াৰ হুংকাৰ:
মাৰ্কিন চিনেটৰ এই পদক্ষেপক লৈ ক্ষোভ প্ৰকাশ কৰিছে মস্কোৱে। ক্ৰেমলিনে ইয়াক আমেৰিকাৰ ‘অৰ্থনৈতিক যুদ্ধ’ আৰু ‘ভূ-ৰাজনৈতিক হতাশা’ বুলি অভিহিত কৰিছে। ৰাছিয়াই সকীয়াই দিছে যে এই বিধেয়কে অৱশেষত আমেৰিকাৰহে বেছি ক্ষতি কৰিব। মস্কোৰ মতে, ভাৰত আৰু চীনৰ দৰে বৃহৎ অৰ্থনীতিৰ ওপৰত ১০০% শুল্ক লগালে আন্তঃৰাষ্ট্ৰীয় বজাৰত মাৰ্কিন ডলাৰৰ বিশ্বাসযোগ্যতা সম্পূৰ্ণৰূপে হেৰাই যাব আৰু বিশ্বজুৰি “ডলাৰ বৰ্জন” প্ৰক্ৰিয়া অধিক তৰান্বিত হ’ব।

ভাৰতৰ স্থিতি আৰু কূটনৈতিক কৌশল
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৱাশ্বিংটনৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোক অতি সতৰ্কতাৰে নিৰীক্ষণ কৰি আছে। নতুন দিল্লীয়ে পূৰ্বৰে পৰাই স্পষ্ট কৰি আহিছে যে ১৪০ কোটি ভাৰতীয়ৰ শক্তি সুৰক্ষা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থক সুৰক্ষিত কৰিবলৈহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা হৈছে।

চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি, ভাৰতে এতিয়া আমেৰিকাৰ ‘ইণ্ডো-পেচিফিক কৌশল’ত নিজৰ গুৰুত্বপূৰ্ণ ভূমিকাক ঢাল হিচাপে ব্যৱহাৰ কৰিব। এছিয়াত চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱ ৰোধ কৰিবলৈ আমেৰিকাক ভাৰতৰ সহায়ৰ প্ৰয়োজন। গতিকে ভাৰতে ৱাশ্বিংটনক বুজাবলৈ চেষ্টা কৰিব যে শুল্ক জাপি দি ভাৰতৰ অৰ্থনীতিক দুৰ্বল কৰিলে আমেৰিকাৰ নিজৰে ভূ-ৰাজনৈতিক ক্ষতি হ’ব।

Related Articles