Breaking

মণিপুৰৰ হিংসা আৰু সংঘৰ্ষৰ বাবে ১০০০ শৰণাৰ্থীয়ে আশ্ৰয় লৈছেহি অসমৰ কাছাৰ জিলাত

0 101

মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে ৫ মে’ত অসমৰ কাছাৰ জিলাত উপস্থিত হৈছে মুঠ ১০০০ জন লোক, যি হিংসাত্মক পৰিস্থিতিৰ বাবে ক্ষতিগ্ৰস্ত হৈ আহিছে।

মণিপুৰত শেহতীয়া ঘটনা সংঘটিত হোৱাৰ ফলত অসমত আশ্ৰয় লোৱা এইসকল লোক ক্ষতিগ্ৰস্ত হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাছাৰৰ জিলা প্ৰশাসনকো এই শৰণাৰ্থীসকলৰ যত্ন ল’বলৈ নিৰ্দেশ দিয়ে।

”আমি যৎপৰোনাস্তি চেষ্টা কৰিছো যাতে এই লোকসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। অসমৰ মুখ্যমন্ত্রীয়ে এইসকল লোকে কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে বুলিও নির্দেশ দিয়ে৷ যি লাগে তেওঁলোকৰ বাবে কৰা হৈছে। এখন মেডিকেলকো ইয়ালৈ আহি আশ্ৰয় লোৱা বৃদ্ধ আৰু শিশুৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। এতিয়ালৈকে মুঠ ১০০০ লোকে আশ্ৰয় বিচাৰি জিলাখনলৈ আহিছে।” এই বিষয়টোক লৈ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এই মন্তব্য কাছাৰৰ অধীক্ষক নুমল মহট্টাই।

ইফালে, মণিপুৰ চৰকাৰৰ গৃহ বিভাগে ৰাজ্যত চলি থকা আইন-শৃংখলাৰ পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ বাবে হেল্পলাইন চেণ্টাৰ স্থাপন কৰিছে।

হেল্পলাইন চেণ্টাৰটো ২৪x৭ কাৰ্যক্ষম হ’ব আৰু তলত উল্লেখ কৰা যিকোনো নম্বৰৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব: ৯৪৩৬০৩৪০৭৭ (ৰেহানুদ্দিন চৌধুৰী, গৃহ বিভাগৰ যুটীয়া সচিব), ৭০০৫২৫৭৭৬০ (পিটাৰ চালাম, গৃহ বিভাগৰ যুটীয়া সচিব), ৮৭৯৪৪৭৫৪০৬ (ড০ থ. চৰণজীত সিং, গৃহ বিভাগৰ যুটীয়া সচিব), ৮৭৩০৯৩১৪১৪ (ডঃ মায়েংবাম ভেটো সিং, গৃহ বিভাগৰ উপ সচিব) আৰু ৭০৮৫৫১৭৬০২ (এছ. ৰুদ্ৰনাৰায়ণ সিং, গৃহ বিভাগৰ ডি এছ পি)।

ৰাজ্যৰ পাহাৰীয়া জিলাসমূহত ব্যাপক হিংসা আৰু সংঘৰ্ষৰ সৃষ্টি হোৱা মণিপুৰৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই হেল্পলাইন চেণ্টাৰৰ লক্ষ্য হৈছে এই পৰিস্থিতিত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা আৰু তেওঁলোকক অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা লাভ কৰাত সহায় কৰা।

Leave A Reply