Breaking

অসমত শীঘ্ৰেই ওলাব  আৰু ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন…

0 77

শীঘ্ৰেই অসমত আৰু ১০ হাজাৰ চাকৰি পদৰ বাবে ওলাব বিজ্ঞাপন। জানুৱাৰীৰ ১৫ তাৰিখৰ ভিতৰত ওলাব চাকৰিৰ বিজ্ঞাপন। এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ শেষ হ’ল ৮০ হাজাৰ নিযুক্তি, বাকী আছে ২০ হাজাৰ পদ। অহা ৩–৪ মাহৰ ভিতৰত শেষ হ’ব ১ লাখ নিযুক্তি।’’মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ২ লাখ যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে।

আৰু ১০ হাজাৰ পদৰ বাবে নতুনকৈ ফৰেষ্ট বেটেলিয়নকে ধৰি কেইবাটাও বিভাগ গঠন কৰা হ’ব। ইয়াৰ বাবে আজি বৈঠক হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply