Breaking

মাজবাটত পুনৰ ১০৭ কেজি ভাং জব্দ ! এজনক আটক…

0 23

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা পুনৰ অভিযান চলাই ভাং জব্দ কৰিবলৈ সমৰ্থ হোৱাৰ লগতে এজন ভাং সৰবৰাহ কৰাৰ সন্দেহত আটক কৰে। জানিব পৰামতে মাজবাট আৰক্ষীয়ে নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মাজবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে,

এছ আই কুশল চন্দ্র নাথ আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা লগত যোৱা এটা আৰক্ষীৰ দলে মাজবাট থানা এলেকাৰ লামাবাৰী হাটখোলা বজাৰৰ কাষৰ তামোল বাৰিত লুকুৱাই থোৱা অৱস্থাত ১০৭ কেজি ভাং জব্দ কৰে।‌

লগতে লামাবাৰী হাটখোলাৰ অমিত দৈমাৰী (৩২) নামৰ এজন ভাং সৰবৰাহ কৰাৰ সন্দেহত আটক কৰে আৰক্ষীয়ে। আজি মাজবাট আৰক্ষীয় ৭/২৪ নম্বৰ এটা কেছ ৰুজু কৰি ওদালগুৰিৰ আদালতত হাজিৰ কৰোৱাত আদালতে লোকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে। জব্দ কৰা ভাং খিনিৰ বজাৰ মুল্য প্ৰায় ১১ লাখ টকা হব বুলি মাজবাট আৰক্ষীয়ে জানিবলৈ দিয়ে।

Leave A Reply