Breaking

0 26

সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক হৈ থাকোতে নিজৰ বাকপটুতা আৰু জাতিৰ প্ৰতি দেখুওৱা ভালপোৱাৰ বাবে অসমবাসীৰ হৃদয় জিনিছিল লুৰীণজ্যোতি গগৈয়ে । হৈ পৰিছিল বহুতৰ বাবে এটা আবেগৰ নাম লুৰীণজ্যোতি গগৈ। কা আন্দোলনৰ পাছতে ৰাজনৈতিক ভাৱে নিজৰ সমাজ জীৱন আৰম্ভ কৰাৰ বাবে চকুলো টুকি আছুৰ মজিয়া এৰি দায়িত্ব ল’লে অসম জাতীয় পৰিষদৰ।

কথাৰে বহু অসমীয়াৰ হৃদয় জিনিব পৰা লুৰীণজ্যোতি গগৈ আজি ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চ প্ৰাৰ্থী। শক্তিশালী বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজনৈতিক যুঁজত নামিছে । চাৰিওফালে বিজেপিৰ উত্থান, ধন বল বাহু বলৰ ৰাজনীতি। তেনে সময়ত সততাৰ কথা কৈ ৰাজনৈতিক যুঁজত ব্যস্ত হোৱা লুৰীণজ্যোতি গগৈক একাঁজলি আশীৰ্বাদ দিবলৈ মাজুলীৰ পৰা ধপলিয়াই আহিল মাতৃ চুনু দাস ।

পৃথিৱীৰ আটাইতকৈ নিঃস্বাৰ্থ আৰু পৱিত্ৰ সম্পৰ্কটিয়েই হৈছে মাতৃ-পুত্ৰৰ সম্পৰ্ক। লুৰীণজ্যোতি গগৈৰ জন্মদাত্রী মাতৃৰ বিয়োগৰ পাছত মাজুলীৰ আউনীআটীৰ আলিমূৰ গাঁৱৰ এইগৰাকী আইমাতৃ চুনু দাসে লুৰীণজ্যোতি গগৈক দিছিল পুত্ৰৰ মৰ্যদা। সেয়ে ৰাজনৈতিক ৰণ ক্ষেত্ৰত ব্যস্ত থকা পুত্ৰক আশীৰ্বাদ দিবলৈ মাজুলীৰ পৰা ঢপলিয়াই আহিল। মৰাণত লুৰীণৰ প্ৰচাৰ সভাত উপস্থিত থাকিল মাতৃ ।

পুত্ৰৰ ভাষণ কাষৰ পৰা শুনিলে মাতৃয়ে । মাতৃয়ে ক’লে, মই আৰ্শীবাদ দিবলৈ আহিছো, ৰাইজৰ উৎসাহ দেখি ভাল লাগিছে ।

Leave A Reply