Breaking

দশম সংখ্যক দ্বি-বাৰ্ষিক ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ অধিৱেশন

0 72

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে কৰ্মচাৰী পৰিষদক যেনেদৰে গুৰুত্ব দিব লাগিছিল আজিলৈকে তেনেদৰে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ নতুন পেঞ্চন নীতিকে আদি কৰি কৰ্মচাৰী সকলে সন্মুখীন হৈ থকা নাইবা আগন্তুক দিনত হ’ব লগীয়া বিভিন্ন সমস্যাৰ লগতে বিভিন্ন ধৰনৰ সমস্যা সমাধানৰ দাবীত চৰকাৰক কৰ্মচাৰী পৰিষদে বাৰে বাৰে বিভিন্ন দাবী জনাই আহিছে আৰু চৰকাৰ আৰু কৰ্মচাৰী পৰিষদে কেইবালানি আলোচনাত মিলিত হৈছে৷

তৎস্বত্তেও ৰাজ্য চৰকাৰে কৰ্মচাৰী পৰিষদে উত্থাপন কৰি অহা সমস্যা সমূহ সমাধানৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাত এক প্ৰকাৰৰ ক্ষুভিত হৈ কৰ্মচাৰী পৰিষদে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হৈ পৰিব লগীয়া হৈছে বুলি আজি সৰুপথাৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত সদৌ অসম কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক মনোজ লহকৰে এনেদৰে কয়৷ বিজেপি নেতৃত্বাধীন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যে কৰ্মচাৰী পৰিষদে উত্থাপন কৰা সমস্যা সমূহ সমাধানত মুঠেই গুৰুত্ব দিয়া নাই সম্পাদক গৰাকীৰ ভাষণৰত সেই কথা এক প্ৰকাৰ স্পষ্ট হৈ পৰে ৷

অৱসৰ প্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী ৰঞ্জন মহন্তই আঁত ধৰা সভাখনি উদ্বোধন কৰে ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি সোণাৰাম ভৰালীয়ে৷ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক প্ৰৱীন গগৈ পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে অতিৰিক্ত উপায়ুক্ত তথা ধনশিৰি মহকুমাধিপতি দিনছেংফা বৰুৱাই ৷ সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা নৃপেন ভূঞা, উপ- সভাপতি প্ৰদীপ ৰাজখোৱা, কাৰ্যনিৰ্বাহক সদস্য মদন গগৈ, যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জীৱকান্ত বৰা, গোলাঘাট জিলাৰ উপ- সভাপতি অজিত শইকীয়া, সাংবাদিক তুলসী চুতীয়া, হেমন্ত তামুলী আদি বহুকেইজন বিশিষ্ট ব্যক্তি সকল৷

সভাত শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক দ্বীপেন কুমাৰ বৰাই৷ এনিদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰা ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ পুৱা ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি দিলীপ কোঁৱৰে পতাকা উত্তোলন , সৰুপথাৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি দণ্ডেশ্বৰ বৰাই স্মৃতি তৰ্পন , বন্তি প্ৰজ্বলন কৰে উপদেষ্টা ৰঞ্জন মহন্তই৷ উল্লেখ যে এই অধিৱেশনতে আগন্তুক দুটা বৰ্ষৰ বাবে ৰাজু গগৈক সভাপতি আৰু বাবুল সন্দিকৈক সাধাৰণ সম্পাদক হিচাপে লৈ ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ নতুন সমিতিখন গঠন কৰা হয়৷

Leave A Reply