Breaking

শোণিতপুৰত নকলসোণ চক্ৰৰে জড়িত ১১জনক গ্ৰেপ্তাৰ

0 69

শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা আৰু তেজপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত তিনিটা অঞ্চলত শুকুৰবাৰে নিশা স্থানীয় আৰক্ষীয়ে চলোৱা পৃথক অভিযানত নকল সোণৰ বেহাৰে জড়িত মুঠ ১১জনক গ্ৰেপ্তাৰ কৰা হৈছে৷

ইয়াৰে ভিতৰত চাৰিদুৱাৰ আৰক্ষীৰ অভিযানত গুদামঘাটৰ পৰা সাতজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তেজপুৰৰ শালনিবাৰী আৰক্ষীৰ অভিযানত ভালুকঝাৰণিৰ হানিফ আলি(২৭)আৰু আব্দুল মতলেব নামৰ আন দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে৷

তদুপৰি বৰঘাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় নুৰ আৰু ৰফিকুল নামৰ নকল সোণ চক্ৰৰে জড়িত আন দুই অভিযুক্ত৷

ইয়াকে লৈ শোণিতপুৰত চলা তিনিটা পৃথক অভিযানত নকল সোণৰ চক্ৰৰে জড়িত মুঠ ১১জনক গ্ৰেপ্তাৰ কৰা হয়৷

Leave A Reply