Breaking

মোদী মন্ত্ৰীসভাত ১১ গৰাকী মহিলা শক্তি : নতুনকৈ অন্তৰ্ভূক্ত হৈছে ৭ গৰাকী মহিলা মন্ত্ৰী

0 2,040

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভূক্ত হৈছে ৭ গৰাকী মহিলা মন্ত্ৰী।মোদীৰ মন্ত্ৰী সভাত মহিলা মন্ত্ৰীৰ সংখ্যা হ’লগৈ ১১ গৰাকী।নতুনকৈ মন্ত্ৰী হোৱা মহিলা মন্ত্ৰীৰ ভিতৰত আছে মিনাক্ষী লেখি,শোভা কাৰান্দলাজে, অনুপ্ৰিয়া সিং পেটেল, দৰ্শনা বিক্ৰম জাৰদোশ, অন্নপূৰ্ণা দেৱী, প্ৰতিমা ভৌমিক আৰু ডঃ ভাৰতী প্ৰৱীণ পাৱাৰ।ইয়াৰ উপৰিও ইতিমধ্যে মোদীৰ মন্ত্ৰী সভাত মহিলা মন্ত্ৰীৰূপে আছে নিৰ্মলা সীতাৰমণ, স্মৃতি ইৰাণী, সাধ্বী নিৰঞ্জন জ্যোতি আৰু ৰেণুকা সিং ছাৰুতা।কোন মহিলা মন্ত্ৰীৰ কি দপ্তৰ? 👉 মিনাক্ষী লেখি বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।তেওঁ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু এগৰাকী বিখ্যাত সমাজকৰ্মী।👉 শোভা কাৰান্দলাজে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।কৰ্ণাটকাৰ উড়ুপি চিকমাগালুৰ সমষ্টিৰ সাংসদ আৰু পূৰ্বে কৰ্ণাটক চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল।👉 অন্নপূৰ্ণা দেৱী শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।বিহাৰ আৰু ঝাৰখণ্ডত ৪ বাৰ বিধায়ক আছিল আৰু ঝাৰখণ্ড চৰাকাৰত কেবিনেট মন্ত্ৰীও আছিল।👉 প্ৰতিমা ভৌমিক সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।তেওঁ পেছাত এগৰাকী খেতিয়ক আছিল।👉 ডঃ ভাৰতী প্ৰৱীণ পাৱাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।ৰাজনীতিলৈ অহাৰ পূৰ্বে তেওঁ ডাক্টৰ আছিল।👉 অনুপ্ৰিয়া সিং পেটেল বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।তেওঁ উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰৰ দুবাৰৰ সাংসদ।👉 দৰ্শনা বিক্ৰম জাৰদোশ হ’ল আৰু বস্ত্ৰতাঁত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।তেওঁ গুজৰাটৰ চুৰাট সমষ্টিৰ তিনিবাৰৰ সাংসদ আছিল।

Leave A Reply