Breaking

চাইবাৰ অপৰাধৰ বলি অভিনেতা মহেশ বাবুৰ ১১ বছৰীয়া কন্যা…

0 30

চাইবাৰ অপৰাধৰ বলি হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ কন্যা সীতাৰা। কোনোবাই তেওঁৰ নামত ছ’চিয়েল মিডিয়াত ভুৱা একাউণ্ট চলাই আছে। ছ’চিয়েল মিডিয়াৰ যুগত কেৱল সাধাৰণ জনতাই নহয়, বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটিও চাইবাৰ অপৰাধৰ বলি হৈছে। এতিয়া চাউথৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ কন্যা সীতাৰাও ইয়াৰ বলি হৈছে।আচলতে কোনোবাই ছ’চিয়েল মিডিয়াত সীতাৰ নামত ভুৱা একাউণ্ট চলাই আছে। এই তথ্য সীতাৰাৰ পিতৃ-মাতৃ মহেশ বাবু আৰু অভিনেত্ৰী নম্ৰতা শিৰোডকাৰে তেওঁলোকৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে দিছে। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰাৰ সময়ত তেওঁ কন্যাৰ ভুৱা ছ’চিয়েল মিডিয়া একাউণ্টৰ বিষয়ে সকীয়াই দিছে।

কেপচনত কন্যাৰ আচল একাউণ্টটো টেগ কৰি তেওঁ কৈছে যে এইটোৱেই একমাত্ৰ সীতাৰ একাউণ্ট। পোষ্টটোত তথ্যও দিয়া হৈছে যে ব্যক্তিজনে ছ’চিয়েল মিডিয়াত আন ব্যৱহাৰকাৰীলৈও ট্ৰেডিং আৰু ইনভেষ্টমেণ্টৰ লিংক প্ৰেৰণ কৰিছে। ইয়াৰ লগতে সীতাৰাৰ অফিচিয়েল একাউণ্টৰ বাহিৰে আন কোনো ইনষ্টাগ্ৰাম একাউণ্টত বিশ্বাস নকৰিবলৈ সকলো ফ’ল’ৱাৰক অনুৰোধ জনাইছে সীতাৰাৰ পিতৃ-মাতৃয়ে। মহেশ বাবুৰ এই ভুৱা একাউণ্টৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰু এতিয়া তদন্ত চলি আছে। দেউতাকৰ দৰে সীতাৰাও যথেষ্ট জনপ্ৰিয়।সৰু ১১ বছৰ বয়সতে ছ’চিয়েল মিডিয়াত ভাল ফেন ফ’ল’ৱাৰ সৃষ্টি কৰিছে। সীতাৰাই বিজ্ঞাপনৰ ক্ষেত্ৰতো কাম কৰি আহিছে। বিজ্ঞাপনৰ পৰা পোৱা ধন তাৰকাগৰাকীয়ে দান কৰিছিল। সীতাৰাক ‘প্ৰিন্সেছ’ নামৰ এখন চুটি ছবিতো দেখা গৈছে।

Leave A Reply