Breaking

একাদশ বাৰ্ষিক জৰাগুৰি ৰঙালী বিহু সন্মিলনৰ হিচাপ দাখিলৰ লগতে প্ৰীতি ভোজৰ আয়োজন

0 1,237

জৰাগুৰি নৱদ্বীপ যুৱ সংঘৰ উদ্যেগত তথা স্থানীয় ৰাইজৰ সহযোগত যোৱা ২৩ আৰু ২৪এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে জৰাগুৰি নৱদ্বীপ যুৱ সংঘৰ প্ৰাংগনত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈ যায় ।অতি সুন্দৰকৈ শান্তি সম্প্ৰীতি বজাই ৰাখি ৰঙালী বিহু সন্মিলন খনৰ সফল সামৰনি পৰাত আজি উদযাপন সমিতিয়ে ৰাজহুৱা হিচাপ দাখিল কৰে ।উদযাপন সমিতিৰ সভাপতি বলীন চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উদেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰনৱ বৰাই ।সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ পাছতেই ৰাজহুৱা সভাত হিচাপ দাখিল কৰে সম্পাদ্বয় প্ৰনৱ বৰা আৰু পৰেশ হাজৰিকাই ।হিচাপ অনুসৰি এই বৰ্ষত ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে ৭০,২৮১(সত্তৰ হাজাৰ দুশ একাষী)টকা ৰাহি কৰিবলৈ সক্ষম হয় ।সভাত পোনাৰাম ভূঞা,ৰাজীৱ হাজৰিকা,ৰিপুন হাজৰিকা ,প্ৰনৱ চক্ৰৱৰ্ত্তী ,জয়ন্ত দত্ত ,প্ৰশান্ত লইং আদি বিশিষ্ট ব্যক্তি সকলে বক্তব্য প্ৰদান কৰে ।উল্লেখযোগ্য যে -এই সভাতেই বালিদোৱা গাৱৰ যুৱক বুবু হাজৰিকা আৰু মাতৃৰ দাৰ ঘাপত প্ৰান দিয়া নাছনীপাৰ গাৱৰ ৬বছৰীয়া ছাত্ৰী গৰাকীৰ মৃত্যুৎ গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

ৰাহি হোৱা ধনেৰে ৰাজহুৱা সভাৰ সিদ্বান্ত মৰ্মে নৱদ্বীপ যুৱ সংঘক এটা আলমিৰা প্ৰদান কৰা হয় ।স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ সহায় সহযোগিতাৰ বাবে উদযাপন সমিতিৰ সভাপতি বলীন চন্দ্ৰ বৰা কাৰ্যকৰী সভাপতি প্ৰশান্ত লইং,সম্পাদকদ্বয় পৰেশ হাজৰিকা আৰু প্ৰনব বৰাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

Leave A Reply