Breaking

বৰপথাৰৰ পাভজান চাহ বাগিছাত স্থাপন কৰা হ’ল আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয়

0 1,069

চাহ বাগিছাত শিক্ষাৰ সোণালী যুগৰ সূচনা কৰি ৰাজ্য চৰকাৰে বাগিচাই বাগিচাই স্থাপন কৰিছে আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয়। ৰাজ্য চৰকাৰে স্থাপন কৰা ১১৯ খনকৈ আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত বৰপথাৰৰ পাভজান চাহ বাগিছাত স্থাপন কৰা আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয় খনো অন্যতম। গোলাঘাট জিলাৰ অভিভাৱক তথা ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী কেশৱ মহন্তই আজি আনুষ্ঠানিক ভাৱে বিদ্যালয়খন শুভ উদ্বোধন কৰে।

উদ্ধোধনী অনুষ্ঠানত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্ত আৰু ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ উপৰিও বহু সংখ্যক ৰাইজ উপস্থিত থাকে। বিদ্যালয়খনত পুনৰ গৃহ নির্মাণৰ বাবে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে সৰুপথাৰত জিলা পৰ্যায়ৰ এখন চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনাৰ কথা ভাষণ প্ৰসঙ্গত সদৰী কৰে মন্ত্ৰী গৰাকীয়ে।

Leave A Reply