Breaking

ওদালগুৰিৰ মাজবাটত আৰক্ষীৰ অভিযানত ১২২ কেজি ভাং জব্দ…

0 49

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা প্ৰায় ১ মান বজাত অভিযান চলাই ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় সিং ডুবেৰ নেতৃত্বত লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা,মাজবাট আৰক্ষী থানাৰ এছ আই কুশল চন্দ্র নাথ,

এছ আই চিত্রনীল দাসৰ লগত যোৱা এটা আৰক্ষীৰ দলে গোপন সুত্ৰৰ খবৰৰ ভিত্তিত অসম – অৰুণাচল সীমান্ত এলেকাৰ ৰৌতা গাওঁৰ ৰৌতা নদীৰ কাষত ঘন জংঘলৰ মাজত অভিযান চলাই ১২২ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

উল্লেখ্য যে উক্ত অঞ্চলত আৰক্ষী প্ৰৱেশৰ উমান পায় ভাং ব্যৱসায়ী সকল আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। পিছত মাজবাট আৰক্ষীয়ে ভাংখিনি মাজবাট থানালৈ লৈ আহে আৰু ৭৬/২৩ নম্বৰত কেচ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ভাং খিনিৰ আনুমানিক মূল্য ১২ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মাজবাটৰ পৰা যতীন নাথৰ ৰিপোৰ্ট

Leave A Reply