Breaking

পলাহজুৰি হাবিবীয়া হাফিজীয়া মাদ্ৰাছাত ১৩ জন হাফিজক পাগুৰী প্ৰদান…

0 23

মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত পলাহজুৰি হাবিবীয়া হাফিজীয়া মাদ্ৰাছাত ১৩ গৰাকী হাফিজক পাগুৰী প্ৰদান কৰা হয়। জানিব পৰা মতে পলাহজুৰি হাবিবীয়া হাফিজীয়া মাদ্ৰাছাৰ দস্তৰবন্দী আৰু প্ৰথম বাৰ্ষিক ধৰ্মীয় সভা খন ৭ জানুৱাৰীত অনুষ্ঠিত হৈ যায়। নগাঁও জিলা জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা আব্দুল লতিফৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা দস্তৰবন্দীৰ অনুষ্ঠানটোত মাদ্ৰাছা খনৰ পৰা ৩০ পাৰা কোৰাণ হিফজ কৰা ছামিম আহমেদ, ইলিয়াচ আহমেদ, চাকিনুৰ ৰহমান, জুনাইদ আহমেদকে আদি কৰি ১৩ গৰাকী নবীন হাফিজক পাগুৰী প্ৰদান কৰাৰ লগতে আৰবী গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

মাদ্ৰাছা খনৰ সম্পাদক মৌলানা আব্দুল মান্নানে আতঁধৰা দস্তৰবন্দী অনুষ্ঠান টোত কেৰাত পাঠ কৰে কাৰী ইছৰাফিলে। নিশা অনুষ্ঠিত হোৱা ধৰ্মীয় সভা খনত বঙাইগাঁও জিলাৰ বাৰঘেৰ মাদ্ৰাছাতুল বানাতৰ মুহতামিম জামিউল হক, কাজিৰঙা জামে মছজিদৰ ইমাম আজাহাৰুল ইছলাম আৰু গুৱাহাটীৰ ধীৰেনপাৰা দাৰুল কোৰআন ৱাছচুন্নাহৰ অধ্যক্ষ ইছৰাফিল কাচিমীয়ে পৱিত্ৰ কোৰআন,নামাজ আৰু ইমানৰ ওপৰত গুৰুত্ব পূৰ্ণ ভাষন প্ৰদান কৰে। নিশা ১১-৩০ বজাত কদমণি টাইটেল মাদ্ৰাছাৰ শ্বেইখুল হাদিছ মূফতি আব্দুল কৰিম কাচিমিৰ আখেৰি দোৱাৰে ধৰ্মীয় সভা খন শেষ হয়। সভাখনত লাহৰিঘাট সমষ্টিৰ বিধায়ক ডা: আছিফ মহম্মদ নাজাৰকে আদি কৰি অঞ্চলটোৰ উলামায়ে কেৰামসকল উপস্থিত আছিল।

Leave A Reply