Breaking

১৩২৪ গৰাকী কোভিড যোদ্ধাৰ চাফাই কৰ্মচাৰীৰ পুনৰ সংস্থাপনৰ দাবীত চচলত আমৰণ অনশন; দাবীসমূহৰ পূৰ্ণ সমর্থন আম আদমি পাৰ্টীৰ

0 30


অসম কোভিড-১৯ চাফাই কৰ্মচাৰী সন্থাৰ হৈ কৰুণা কান্ত পাঠকে চচলত অনিৰ্দিষ্টকালৰ বাবে আৰম্ভ কৰা অনশন কাৰ্যসূচীলৈ আম আদমি পাৰ্টীয়ে তেওঁলোকৰ দাবী প্রতি পূৰ্ণ সমর্থন প্রকাশ কৰে।

উল্লেখ্য যে ৰাজ্য চৰকাৰে কোভিড ১৯ বিশ্বব্যাপী মহামাৰীৰ সময়ত বৃহৎ সংখ্যক কোভিড চিকিৎসালয়, কোভিড যত্ন কেন্দ্ৰ আৰু সংৰক্ষণ কেন্দ্ৰ সৃষ্টি কৰিছিল আৰু তাত ৰোগীসকলৰ পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে বৃহৎ সংখ্যক কর্মী নিযুক্তি দিছিল।

তদানীন্তন স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ১৩২৪ জন কোভিড যোদ্ধাৰ চাকৰি নিয়মীয়া কৰাৰো মৌখিক আশ্বাস দিছিল।

আম আদমি পাৰ্টীয়ে কৰুণা কান্ত পাঠকে মুখ্যমন্ত্ৰীক তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ আৰু এই কোভিড যুদ্ধা সকলক চাকৰি নিয়মীয়া কৰিবলৈ বা প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ বাবে যোৱা তিনি বছৰ ধৰি এই লোকসকলক ক্ষতিপূৰ্ণ দিবলৈ জনোৱা দাবীৰ সমৰ্থন আগবঢ়াইছে।

মঙলবাৰে চচলত দলটোৰ হৈ ৰাজ্যিক নেত্রী অনুৰূপা ডেকাৰাজা, আৰতি দেৱী আৰু পুনম মহেশ্বৰী উপস্থিত থাকি চৰকাৰক তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ বাবে দাবী জনায় ।

Leave A Reply