Breaking

ছিকিমত ৰুষ্ট প্ৰকৃতিৰ ভয়ংকৰ ৰূপ, ১৪জনৰ মৃতদেহ উদ্ধাৰ; এতিয়াও সন্ধানহীন ২২ সেনাসহ ১০২ গৰাকী

0 93

ছিকিমত বিভীষিকা। ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰৰূপত এই পৰ্যন্ত ১৪জন লোকৰ মৃতদেহ উদ্ধাৰ। এতিয়াও সন্ধানহীন ২২ গৰাকী সেনাসহ ১০২ গৰাকী লোক। SDRF আৰু NDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিখোজ ২৩ সেনাৰ ভিতৰত এজন সেনা জোৱানক উদ্ধাৰ কৰা হৈছে।

ছিকিমৰ লহনাক হ্ৰদত সংঘটিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই বিস্ফোৰণৰ ফলত তিষ্টা নদীৰ নামনি অঞ্চলত সৃষ্টি হোৱা আকস্মিক বানে কেইবাটাও পথ-দলং উটুৱাই নিয়ে।

উত্তৰ ছিকিমৰ তিস্তা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত মাংগান, পাকয়ং আৰু গেংটকত সৰ্বাধিক ক্ষতি হৈছে। ছিকিমৰ বহু অঞ্চলত এতিয়াও ২০০০ৰো অধিক লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সতৰ্কবাণী জাৰি কৰা হৈছে। ভাৰতীয় সেনাই ছিকিমত নিখোজ সেনা জোৱানসহ সন্ধানহীন লোকৰ পৰিয়ালৰ উদ্ধাৰৰ বাবে তিনিটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। সেনাৰ হেল্পলাইন নম্বৰসমূহ হ’ল-

পূব ছিকিমৰ বাবে হেল্পলাইন নম্বৰ – 8756991895
উত্তৰ ছিকিমৰ বাবে হেল্পলাইন নম্বৰ – 8750887741
সন্ধানহীন জোৱানৰ বাবে হেল্পলাইন নম্বৰ – 7588302011

Leave A Reply