Breaking

বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবেই ১৪ টা পৰিয়ালক এঘৰীয়া কৰিলে সমাজে…

0 27

মঙলদৈ মেধিপাৰাত সমাজে এঘৰীয়া কৰিলে ১৪ টা পৰিয়ালক।মঙ্গলদৈ চহৰৰ নিকটৱৰ্তী ১ নং মেধি পাৰা গাঁৱত ১৪ টা পৰিয়ালক সমাজে এঘৰীয়া কৰিছে। যোৱা ২৬ এপ্ৰিলত বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবেই গাঁৱৰ খেলে সমাজচ্যুত কৰিছে পৰিয়াল কেইটিক।এই সম্পৰ্কে গাঁৱখনৰ এঘৰীয়া কৰা পৰিয়ালসমূহ একত্ৰিত হৈ প্ৰশাসনৰ ওচৰত ন্যায় বিচৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গাঁওখনত ৩৫০ ঘৰ পৰিয়াল আছে আৰু ইয়াৰে ১৪ ঘৰক এঘৰীয়া কৰাত সমগ্ৰ আঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে গাঁৱখনৰ মিলন ডেকা নামৰ লোকজনে যোৱা ব’হাগ বিহুৰ সময়ত ভাত খাবলৈ নিমন্ত্ৰণ জনাইছিল কেইগৰাকীমান বন্ধু-বান্ধৰ লগতে নিজৰ শহুৰ, খুড়ু-খুড়ী আৰু পেহাকৰ পৰিয়ালক। ইয়াতে সমাজ তথা খেলৰ বৰমুৰীয়া সকল ক্ষোভিত পৰে। কিয়নো যোৱা মাঘ বিহুৰ সময়তে মিলন ডেকাক এঘৰীয়া কৰিছিল খেলে। মিলন ডেকাই শংকৰী পৰম্পৰাত বিস্বাসী নিজ মামাৰ ঘৰলৈ গৈ বিয়াত অংশগ্ৰহণ কৰিছিল। যাৰ বাবে মাঘ বিহু তথা চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই মিলন ডেকাৰ পৰিয়ালটিক সমাজে এঘৰীয়া কৰি থৈছিল।

এতিয়া মিলন ডেকাৰ ঘৰত সাধাৰণ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবে মিলন ডেকাৰ শহুৰৰ ঘৰৰ লগতে খুড়াক, খুড়ীয়েক আৰু পেহীয়কৰ ঘৰৰ পৰিয়ালকো এঘৰীয়া কৰিলে সমাজ তথা খেলে। বৃহস্পতিবাৰে এই সম্পৰ্কে ক্ষোভ ব্যক্ত কৰি মিলন ডেকাই কয় যে আজিৰ আধুনিক সমাজ ব্যৱস্থাটো এনে নিয়ম আছেনে? এনে নিয়মে আমাৰ সমাজখনত ভাঙোন আনিছে আৰু নৱ প্ৰজন্মৰ মাজত বিভাজনৰ বিজ ৰোপন কৰিছে। ইয়াৰ বিৰুদ্ধে প্ৰশাসনে উচিত বিচাৰ কৰি আমাক ন্যায় দিব লাগে বুলি কয়। সেইদৰে ভবেশ্বৰী ডেকা নামৰ মহিলা এগৰাকীয়ে কান্দি কান্দি কয় যে আমাক তেওঁলোকে বিভাজন আনি দিলে। এতিয়া এই বিভাজন সৰু লৰা-ছোৱালীৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁলোকক একেলগে বিহু চাব নিদিয়ে, ফাকুৱা উদযাপন কৰিব নিদিয়ে। আনকি নামঘৰত নাম পৰিৱেশনটো বিভাজন আহিছে। আমি চৰকাৰক আহ্বান জনাইছো এনে নিৰ্জাতনৰ পৰা আমাক বচাওক।

Leave A Reply