Breaking

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ ১৪ খন গাঁও বানপানীত বুৰ যোৱাৰ আশংকা

0 201

দৰং  

দৰঙত লকডাউনৰ সময়ত ৰাতিৰ ভিতৰতে এটা ডোং একাংশ দুষ্ট চক্ৰৰ লোকে মাছৰ লোভত কেইবাঠাইতো বান্ধি পেলোৱাত সৃষ্টি হৈছে ব্যাপক  প্ৰতিক্ৰিয়া৷ যাৰ বাবে বাৰিষাৰ বানত প্ৰায় ১৪ খনকৈ গাঁৱৰ লোক এইবাৰ বুৰ যাব বানপানীত৷ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ পাতিদৰঙত এই ঘটনা সংঘটিত হৈছে৷ টংলাৰ পৰা পাথৰিঘাট দ্বিগজ নদীলৈ বৈ অহা বলনটি পাতিদৰঙৰ কেইবাঠাইতো একমাত্ৰ মাছৰ লোভত একাংশ দুষ্ট চক্ৰৰ লোকে বান্ধি পেলোৱাত বৃহত্তৰ ১৪ খন গাঁওৰ কৃষকৰ মাজত হাঁহাকাৰ সৃষ্টি হৈছে৷ দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ প্ৰায়বোৰ গাঁৱেই  হৈছে বানপীড়িত এলেকা৷ গাঁওবোৰৰ লোকসকল কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে যদিও একাংশ দুষ্ট চক্ৰৰ লোকে মাছৰ লোভত পাতিদৰঙৰ কেইবাঠাইতো ডোংটি বান্ধি পেলোৱাত বাৰিষা পাতিদৰং, কৈকাৰা, খাৰখোৱাপাৰা, হীৰাপাৰা, বৰেৰী, পোটাপুখুৰী, আঠকুৰিয়াপাৰাকে ধৰি প্ৰায় ১৪ খন গাঁৱৰ লোকে বাৰিষা কৰিব নোৱাৰিব খেতি৷ এই ১৪ খন গাঁৱৰ লোক বাৰিষা বানপানীত বুৰ যোৱাৰ আশংকা কৰিছে ডোংটি পুটি পেলোৱাৰ বাবে৷ এই সন্দৰ্ভত বৃহত্তৰ অঞ্চলৰ লোকে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াক ২৮ এপ্ৰিলত লিখিত অভিযোগ দাখিল কৰিছে যদিও এই পৰ্যন্ত ডোংটি পৰ্যবেক্ষণ কৰা নাই কোনো বিষয়াই৷ যদিহে বাৰিষাৰ পূৰ্বে ডোংটি মুক্ত নকৰে তেনেহ’লে বাৰিষা ১৪ খন গাঁৱৰ লোকে পাৰ কৰিব লাগিব দূৰ্বিসহ জীৱন৷ সেয়ে ডোংটি পৰ্যবেক্ষণ কৰি লকডাউনৰ সময়ত সুবিধা গ্ৰহন কৰি ৰাতিৰ ভিতৰতে ডোংটি পুটি পেলোৱা লোকসকলক চিনাক্ত কৰি উচিত শাস্তিৰ দাবী জনাইছে গঞা ৰাইজে৷

Leave A Reply